বঙাইগাওঁ এৰি নিদিয়ে AGPয়ে, চামগুৰিয়ে লগাইছে খেলিমেলি...

৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী, শাসক পক্ষৰ নিমিলা অংক

author-image
Asomiya Pratidin
New Update
বঙাইগাওঁ এৰি নিদিয়ে AGPয়ে, চামগুৰিয়ে লগাইছে খেলিমেলি...

বঙাইগাওঁ এৰি নিদিয়ে AGPয়ে, চামগুৰিয়ে লগাইছে খেলিমেলি...

ডিজিটেল ডেস্কঃ ৰাজ্যত ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন এতিয়াও চূড়ান্ত হোৱা নাই যদিও শাসক বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত এই নিৰ্বাচনক লৈ প্ৰাৰ্থীত্ব কেন্দ্ৰীক চিন্তা চৰ্চা তীব্ৰতৰ হৈছে। লোকসভা নিৰ্বাচনত ঐক্যবদ্ধতাৰে বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে যুঁজ দিবলৈ এক দীঘলীয়া আলোচনা, পৰ্যালোচনাৰ পাছতো ঐক্যবদ্ধ বিৰোধী পৰিলক্ষিত নহ'ল।

কেৱল কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজতে সীমাবদ্ধ হৈ থাকিল বিৰোধী ঐক্য। তাৰ পৰিবৰ্তে আপ, বাওঁপন্থী দলসমূহ, তৃণমূল কংগ্ৰেছ আদিয়ে প্ৰায়সমূহ সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে।

এনে ফলশ্ৰুতিতে বিৰোধীয়ে মাত্ৰ ৩ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হ'ল। লোকসভা নিৰ্বাচনৰ ফলাফলে অসমৰ ৫ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন নিশ্চিত কৰি তোলাত এই ৫ টা সমষ্টিক লৈ পুনৰ আৰম্ভ হৈছে ৰাজনৈতিক সমীকৰণ।

কংগ্ৰেছে ইতিমধ্যে ৫ টা সমষ্টিতেই প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰিছে যদিও কংগ্ৰেছৰ মিত্ৰদল ৰাইজৰ দলে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে ইয়াৰ বিৰোধিতা কৰিছে। অৱশ্যে প্ৰয়োজন সাপেক্ষে ৰাইজৰ দলেও পাঁচোটা সমষ্টিতে প্ৰাৰ্থী দিবলৈ সাজু হৈছে।

বিৰোধীৰ দৰেই শাসকীয় পক্ষয়ো এই সমষ্টি কেইটাক লৈ ৰণনীতি তৈয়াৰ কৰিছে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ তথা বঙাইগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণীভূষণ চৌধুৰীয়ে মুকলিকৈয়ে দাবী কৰিছে বঙাইগাওঁ সমষ্টিত অসম গণ পৰিষদেই প্ৰাৰ্থী দিব।

আজি সাংবাদিকৰ আগত চৌধুৰীয়ে কয়- ''উপ-নিৰ্বাচনত প্ৰাৰ্থীত্বৰ সন্দৰ্ভত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই। প্ৰাৰ্থী বাচনিৰ প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব সেই সন্দৰ্ভতহে আজি আমি আলোচনাত বহিম। আমি অসমত অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু ইউ পি পি এল মিত্ৰতাৰে ক্ষমতাত আছোঁ। গতিকে আমি আলোচনাৰ মাধ্যমৰে সমষ্টিসমূহত প্ৰাৰ্থী দিম। বঙাইগাওঁ বিধানসভা সমষ্টি অসম গণ পৰিষদৰ দখলত আছিল গতিকে এই সমষ্টিটো আমাৰ মিত্ৰদলে আমাক এৰি দিব। ইয়াত অসম গণ পৰিষদৰে প্ৰাৰ্থী হ'ব।''

লগতে তেওঁ বিজেপিৰে মিত্ৰতা ২০২৬ পৰ্যন্ত অব্যাহত থকাৰ কথা উল্লেখ কৰি কয়, ''আমাৰ মিত্ৰতা ২০২৬ চনলৈকে বৰ্তি থাকিব। ২০২৬ ৰ নিৰ্বাচনত আমি মিত্ৰতাত থাকিলে আকৌ নতুনকৈ আসন ভাগ-বতোৱাৰ কৰিব লাগিব।''

এই সন্দৰ্ভতে আকৌ দলটোৰ সভাপতি অতুল বৰাই কয় যে, ''ভাৰতীয় জনতা পাৰ্টিৰ লগত আমাৰ মিত্ৰতা যথেষ্ট পুৰণি। মাজে মাজে মিত্ৰতা ভংগ হৈছে কিন্তু পিছৰ পৰ্যায়ত মিত্ৰতা চলি আহিছে আৰু ২০১৬ ৰ পৰা ধাৰাবাহিকভাৱে আমি একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। উপ-নিৰ্বাচন সন্দৰ্ভত আমি মিত্ৰদল ভাৰতীয় জনতা পাৰ্টিৰ লগত আলোচনা কৰিছোঁ।''

উল্লেখ্যে ৫ সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিয়ে ৩ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰি ২ টা সমষ্টি মিত্ৰদললৈ এৰি দিয়াটোৱেই একপ্ৰকাৰে নিশ্চিত হৈছে। যিহেতু বঙাইগাওঁ সমষ্টি পূৰ্বৰে পৰা এজিপিৰ দখলতেই আছে গতিকে এই সমষ্টি এজিপিকেই এৰি দিব।

সেইদৰে ছিদলী সমষ্টি আছিল ইউ পি পি এলৰ দখলত। এই সমষ্টিটো ইউ পি পি এলকে এৰি দিয়াৰ সম্ভাৱনাই অধিক। যিহেতু বিহালী, ধলাই সমষ্টিত বিজেপিৰেই দখলত আছিল সেয়ে এই দুই সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিয়াটো নিশ্চিত।

চামগুৰি সমষ্টি আছিল কংগ্ৰেছৰ দখলত। এই সমষ্টিটোক লৈহে চিন্তিত বিজেপি। এক খবৰ অনুসৰি আকৌ চামগুৰি সমষ্টি বিজেপিয়ে এজিপিক দিব বিচাৰিছে। ইয়াৰ বিপৰীতে বঙাইগাওঁ সমষ্টিত বিজেপিয়ে বিচাৰিছে।

চামগুৰি এজিপিক এৰি দি এই সমষ্টিত কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্তক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ এক সমীকৰণ চলিছে। এই সমীকৰণত খেলিমেলি লগাইছে ফণীভূষণ চৌধুৰীয়ে। এই সমীকৰণৰ যে বিজেপিৰ বাবে কোনো কাৰণতে সহজ নহয় সেয়া নকলেওঁ স্পষ্ট।

চামগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰকিবুল হুছেইৰ পুত্ৰ তাঞ্জিল হুছেইন একপ্ৰকাৰে নিশ্চিত। স্বাভাৱিকতে এই সমষ্টিত ৰকিবুল হুছেইনৰে প্ৰভাৱ সৰ্বাধিক। সেয়ে এই সমষ্টিক লৈ বিজেপিৰ অংক খেলিমেলি হৈছে।

অৱশ্যে শেষ মুহূৰ্তত বিজেপিয়ে বঙাইগাওঁৰ লগতে চামগুৰি সমষ্টিও এজিপিক এৰি দিলেও আঁচৰিত হ'বলগীয়া একো নাথাকিব। কিয়োনো সংখ্যালঘু বসতি প্ৰধান চামগুৰি বিধানসভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেও একপ্ৰকাৰে পৰাজয় নিশ্চিত।

সেয়ে পৰাজয়ৰ গ্লানি লোৱাতকৈ এজিপিকে সমষ্টিতো এৰি দি বিজেপিয়ে ২০২৬ ৰ অংক কৰাৰো এক কৌশল অৱলম্বন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি সেয়াই হয় তেন্তে উপ নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটৰ আসন ভাগ বতোৱাৰ ৩+১+১ ৰ পৰিৱৰ্তে ২+২+১ হৈ পৰিব। অৰ্থাৎ বিহালী+ধলাইত বিজেপি, চামগুৰি+ বঙাইগাওঁত এজিপি আৰু ছিদলী ইউ পি পি এল।

মন কৰিবলগীয়া যে,বিহালী সমষ্টিত বিজেপিৰ মাজতে প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত অব্যাহত আছে। যিহেতু এই উপ-নিৰ্বাচন সমষ্টি পুনৰ নিৰ্ধাৰণ মতে নহয় সেয়ে ইয়াত পল্লৱ লোচ দাসকে বিজেপিয়ে প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত।

এই অংকৰেই ৰঞ্জিত দত্তক দিল্লীলৈ প্ৰেৰণ কৰি পল্লৱক অসমলৈ ঘূৰাই অনা হৈছে। সেইদৰে ধলাই সমষ্টিত বিজেপিয়ে কাক প্ৰাৰ্থীত্ব দিয়ে সেয়াও হ'ব লক্ষ্যণীয়। কিয়নো এই সমষ্টিত চৰ্চাত আছে পৰিমল শুক্লবৈদ্যৰ পুত্ৰ উৎপল শুক্লবৈদ্যৰ নাম। ছিদলী সমষ্টিত ইউ পি পি এলে কাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব সেয়াও হ'ব লক্ষ্যণীয়।

কংগ্ৰেছে চামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো নিশ্চিত হৈছে যদিও বাকী কেইটা সমষ্টিত কাক প্ৰক্ষেপ কৰে সেয়া হ'ব লক্ষ্য়ণীয়। বিহালীত চৰ্চালৈ আহিছিল স্বয়ং ভূপেন বৰাৰ নাম। তেওঁ প্ৰাৰ্থী হিচাপে নিজকে নস্যাত কৰা নাই যদিও এই সন্দৰ্ভত দলে কোনো সিদ্ধান্ত লোৱা নাই বুলিহে উল্লেখ কৰিছে।

Also Read: ৰঙিয়া আৰু ৰহাত প্ৰচণ্ড গৰমৰ বাবেই প্ৰাণ হেৰুৱালে দুজনে...

কংগ্ৰেছ বিজেপি এ জি পি উপ-নিৰ্বাচন