উপ নিৰ্বাচনঃ ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে, বিহালিত পুনৰ প্ৰাৰ্থী হ'ব CPI(ML)L ৰ বিবেক দাস...

উপ নিৰ্বাচনঃ ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে, বিহালিত পুনৰ প্ৰাৰ্থী হ'ব CPI(ML)L ৰ বিবেক দাস...
উপ নিৰ্বাচনঃ ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে, বিহালিত পুনৰ প্ৰাৰ্থী হ'ব CPI(ML)L ৰ বিবেক দাস...
Published on
Updated on

ডিজিটেল ডেস্কঃ আগন্তুক ৰাজ্যৰ ৫ বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী। ৫ টা বিধানসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছ নেতৃত্বাধীন অসম সন্মিলিত মঞ্চই ৪ টাত কংগ্ৰেছৰ প্ৰাৰ্থী আৰু এটাত চি পি আই (এম এল) এলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাতো প্ৰায় নিশ্চিত হৈছে।

বিহালী বিধানসভা সমষ্টিত চি পি আই (এম এল) এলৰ বিবেক দাসে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে বঙাইগাঁৱত ব্ৰজেনজিৎ সিনহা, চামগুৰিত তাঞ্জিল হুছেইন, ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থই আৰু ছিদলী সমষ্টিত সঞ্জীৱ ৱাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব কংগ্ৰেছে।

কংগ্ৰেছে ৫ খন আসনৰ ভিতৰত ৪ খনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈ আৰু আন মিত্ৰ দলবোৰৰ বাবে এখন আসন এৰি দিছিল। হোটেল লিলিত এই সন্দৰ্ভত ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু মিত্ৰ দলৰ নেতৃত্বৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল শুকুৰবাৰে।

সেই বৈঠকতে কংগ্ৰেছে বিহালী সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দিতা নকৰাৰ কথা উল্লেখ কৰি সমষ্টিটোত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেই সিদ্ধান্ত ল'বলৈ আন মিত্ৰদলবোৰৰ নেতৃত্বক আহ্বান জনাইছিল। উল্লেখযোগ্য যে, যোৱা কেইবাটাও বিধানসভা নিৰ্বাচনত চি পি আই (এম এল) এলৰ বিবেক দাসে প্ৰতিদ্বন্দিতা কৰি আহিছে।

২০২১ ৰ বিধানসভা নিৰ্বাচনত বিবেক দাস আছিল তৃতীয় স্থানত। সেইবাৰ ৰঞ্জিত দত্তই ৫৩৫৮৩ টা ভোট লাভ কৰি জয়ী হোৱাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাই ২৩৭৪৪ টা আৰু চি পি আই (এম এল) এলৰ প্ৰাৰ্থী বিবেক দাসে ২১৫৫৩ টা ভোট লাভ কৰিছিল।

উক্ত নিৰ্বাচনত অসম জাতীয় পৰিষদেও অঞ্জন উপাধ্যায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। উপাধ্যায়ে ৩৩৪৩ টা ভোট লাভ কৰিছিল বিহালী সমষ্টিত। আনহাতে ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত চি পি আই (এম এল) এলৰ পৰা বিবেক দাসে প্ৰতিদ্বন্দিতা কৰি ৮০২৫ টা ভোট লাভ কৰিছিল। ২০১১ চনতো তেওঁ চি পি আই (এম এল) এলৰ প্ৰাৰ্থী আছিল এই সমষ্টিটোত। উক্ত নিৰ্বাচনত তেওঁ লাভ কৰা ভোটৰ সংখ্যা আছিল ১২৭৮৪ টা।

উপ নিৰ্বাচনঃ ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে, বিহালিত পুনৰ প্ৰাৰ্থী হ'ব CPI(ML)L ৰ বিবেক দাস...
২৮ বছৰৰ পাছত আকৌ চৰ্চাত ৰাজ্যৰ এটা ৰাজনৈতিক হত্যাকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in