ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত সিদ্ধান্ত সমূহৰ বিষয়ে জনায়। গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ-
-
বাইক টেক্সি সন্দৰ্ভত কেবিনেটত স্বীকৃতি প্রদান।
-
এতিয়াৰে পৰা নিজৰ বাইকেৰে ৰেপিড’ সেৱা আগবঢ়াব পাৰিব।
-
নিজৰ বাহনখন ‘পুল কাৰ’ কৰি যাত্রী কঢ়িয়াব পাৰিব।
-
ইয়াৰ বাবে নম্বৰ প্লেট সলনি কৰিব নালাগে।
-
যোৰহাট চহৰৰ ষ্ট্রীট লাইটসমূহ চৰকাৰ আৰু পৌৰসভাই জ্বলোৱাৰ ব্যৱস্থা কৰিব।
-
যোৰহাটৰ খোৱাপানী সমস্যাৰ বাবে PHCক ১০০ কোটি টকাৰ অনুমোদন।
-
যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে এখন উৰণীয় সেতু হ’ব।
-
প্রায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব উৰণীয়া সেতুখন।
-
বৰোহালৰ পৰা যোৰহাট ন আলিলৈকে হ’ব এটা সুন্দৰ পথৰ অনুমোদন।
-
অসম মালাৰ অধীনত হ’ব এই পথ।
-
যোৰহাট চক বজাৰ নিৰ্মাণৰ সিদ্ধান্ত কেবিনেটত।
-
মৰিয়নীত এখন ১০০খন বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণত অনুমোদন।
-
JMCHলৈ ১.২২ কোটি টকাৰ অনুমোদন।
-
চেলেংহাট আৰু দেৰগাঁৱত একোখনকৈ স্থাপন হ’ব মহাবিদ্যালয়।
-
যোৰহাটত ১০০০ মানুহ বহিব পৰা নগৰৰ মাজমজিয়াত হ’ব এটা প্রেক্ষাগৃহ।
-
যোৰহাট তাৰকাগৃহলৈ ১০ কোটি টকাৰ অনুমোদন।
-
২০২৩ চনত যোৰহাটত হ’ব উপায়ুক্ত সন্মিলন।
-
আৰু পঢ়ক: ভৰি পিছলি সোমাই পৰিল ৰেলৰ তলত,মৃত্যু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ...