-
অসম চৰকাৰৰ পৰৱৰ্তী কেবিনেট বৈঠক অনুষ্ঠিত হ’ব নতুন দিল্লীত।
-
৯ আগষ্টত অনুষ্ঠিত হ’ব দেশৰ ৰাজধানীত এই বৈঠক।
-
আবেলি ৫ বজাৰ পৰা এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
-
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দিল্লীত ব্যস্ত থাকিব লগা হোৱা বাবেই নতুন দিল্লীত কেবিনেট বৈঠক আয়োজন কৰা হৈছে।
-
উল্লেখযোগ্য যে সাধাৰণতে প্ৰতি সপ্তাহৰ বুধবাৰে ড০ শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠক ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈ আহিছে।
Also Read: নগাঁও মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন