গহপুৰ সমজিলাৰ শুভ উদ্বোধন কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

গহপুৰ সমজিলাৰ শুভ উদ্বোধন কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

author-image
Asomiya Pratidin
New Update
গহপুৰ সমজিলাৰ শুভ উদ্বোধন কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গায়ন-বায়নৰ খোল তালৰ মংগলময় শব্দ, আয়তীৰ উৰুলি আৰু শত-সহস্ৰ ৰাইজৰ হৰ্ষধ্বনীৰ মাজত শুকুৰবাৰে গহপুৰ সমজিলা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচাই । এই উপলক্ষে গহপুৰ পেৰেড গ্ৰাউণ্ডৰ চৌহদত আজি দিনৰ প্ৰায় ১১ বজাৰ পৰা অনুষ্ঠিত হয় গহপুৰ সমজিলাৰ শুভ উদ্বোধনী অনুষ্ঠান।

উক্ত অনুষ্ঠানৰ ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে ঐতিহাসিক গহপুৰবাসীৰ কাৰণে আজি এটা ঐতিহাসিক দিন। পূৰ্বৰ গহপুৰ মহকুমাক সমজিলালৈ উন্নিত কৰি প্ৰশাসনিক সা-সুবিধাসমূহ থাওকতে পোৱাৰ বাবে যি ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিছে সেই ব্যৱস্থাৰ জৰিয়তে আন আন প্ৰান্তৰ দৰে গহপুৰৰ ৰাইজো যথেষ্ট উপকৃত হ'ব।

ভাষণ প্ৰসংগত তেওঁ এগৰাকী সম জিলা আয়ুক্তৰ হাতত থাকিব লগীয়া কৰ্তৃত্ব আৰু ক্ষমতাৰ বিষয়ে বহল বাখ্যা আগবঢ়াই কয় যে এতিয়াৰ পৰা গহপুৰৰ ৰাইজ বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্য্যলয়লৈ যাব নালাগে।পূৰ্বতে যি সমূহ কামৰ বাবে জিলা আয়ুক্তৰ কাৰ্য্যলয়লৈ যাব লগীয়া হৈছিল এতিয়াৰে পৰা সেই সমূহ কামৰ সুবিধা সম জিলাতে উপলব্ধ হ'ব।

গহপুৰৰ বিশিষ্ট সমাজকৰ্মী নোমল বৰুৱাই আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰি গহপুৰ সম জিলাৰ সম জিলা আয়ুক্ত লুকুমণি বৰাই কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা ইমান বৃহৎ প্ৰশাসনিক সংস্কাৰ দেশৰ ভিতৰতে প্ৰথম আৰু অন্যন্য। ভাষণ প্ৰসংগত তেওঁ কয় যে এই সম জিলাৰ জৰিয়তে এতিয়াৰে পৰা পদূলি মুখতে ৰাইজে প্ৰশাসনিক সুবিধা সমূহ লাভ কৰিব পাৰিব।

প্ৰাপ্তিৰ এই ক্ষণত গহপুৰবাসী ৰাইজৰ আন্তৰিক সহায় আৰু সহযোগিতা কামনা কৰে লুকুমণি বৰাই। আদৰণি ভাষণত সম জিলা আয়ুক্ত লুকুমণি বৰাই জনকল্যান আৰু সমাজৰ উন্নয়নৰ বাবে প্ৰতিটো বিভাগৰ কাম সমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত সকলোৰে আন্তৰিক সহযোগিতাৰ প্ৰয়োজনীতাৰ বিষয়ে উল্লেখ কৰে।

ভাষণ প্ৰসংগত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ কৰ্মদক্ষতাক শলাগ লয়। সভাখনত বিশিষ্ট অতিথিৰ ভাষণত গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই ভাষণ প্ৰদান কৰি কয় যে আজিৰে পৰা "গহপুৰ" মহকুমা হৈ নাথাকে। ই সমজিলালৈ উন্নিত হৈছে।

পূৰ্বতে বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্য্যলয়লৈ গৈ কৰিবলগীয়া কাম সমূহ এতিয়াৰে পৰা গহপুৰ সম জিলাত সম্পন্ন হ'ব। উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ,এন চি এল,স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ, বিভিন্ন বিভাগৰ এন অ' চি, ৰেজিষ্টাৰ, পঞ্চায়তৰ আঁচনিৰ অনুমোদন, স্বাস্থ্য, শিক্ষা, খাদ্য সুৰক্ষা, ৰাজহুৱা বিতৰণ ব্যৱস্থা, আইন-শৃংখলা, বিভিন্ন পৰ্য্যায়ৰ লাইচেঞ্চ দিয়াৰ কামকে ধৰি প্ৰতিটো চৰকাৰী বিভাগৰ কামৰ সুবিধা এতিয়াৰে পৰা সম জিলাত উপলব্ধ হ'ব বুলি উল্লেখ কৰি বিধায়ক উৎপল বৰাই কয় যে ইয়াৰ জৰিয়তে ৰাইজে এতিয়াৰে পৰা নিজৰ ঘৰৰ মুখতে প্ৰশাসনীয় সা-সুবিধা সমূহ লাভ কৰিব পাৰিব।

বৰষুণৰ বতৰকো নেওচি সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাখনত হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইড,ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ সিং ৰাজপুত,কলাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড: প্ৰদীপ শৰ্মা প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিল বৰুৱাই।

Also Read: ডিব্ৰুগড়ত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ছয় - জাতীয় জনগোষ্ঠীৰ প্ৰতিবাদ

gohpur