পৰিদৰ্শকক আক্ৰমণৰ ঘটনাঃ দোষীক শাস্তি প্ৰদানৰ দাবী বৰাকৰ দুই সংগঠনৰ

পৰিদৰ্শকক আক্ৰমণৰ ঘটনাঃ দোষীক শাস্তি প্ৰদানৰ দাবী বৰাকৰ দুই সংগঠনৰ
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰঃ এজন ৰোগীৰ স্বাস্থ্যৰ বুজ লবলৈ যোৱা ড্ৰাগছ পৰিদৰ্শক (Inspector of Drug) বনৰেই ৰংমাইক আক্ৰমণ কৰা ঘটনাৰ উচিত তদন্ত বিচাৰিছে এটা সংস্থাই। ঘটনাত অভিযোগ উত্থাপিত হোৱা দোষী চিকিৎসকসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে এচোছিয়েছন অফ ৰেজিষ্ট্ৰাৰ্ড ফাৰ্মাচী আছাম আৰু জৱাহৰ নৱোদয় বিদ্যালয় এলুমিনিসন্থাই। উল্লেখ্য যে, সোমবাৰে নিশা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এদল কনিষ্ঠ চিকিৎসকে ড্ৰাগছ পৰিদৰ্শক বনৰেই ৰংমাইক দলবদ্ধভাবে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপন হয়।

চিকিৎসকৰ‌ বৰ্বৰ আক্ৰমণত গুৰুতৰ আহত হৈ সম্প্ৰতি এছ এম চি হাস্পতালত চিকিৎসাধীন হৈ আছে বনৰেই ৰংমাই। এগৰাকী স্বাস্থ্য বিভাগৰ গেজেটেট বিষয়াক চিকিৎসকৰ দলে দলবদ্ধ আক্ৰমণ কৰা ঘটনাৰ দোষী ব্যক্তিসকলক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাইছে সংগঠন দুটাই। এই মৰ্মে মঙলবাৰে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা আৰু জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাক সাক্ষাৎ কৰি পৃথক পৃথক ভাবে স্মাৰক প্ৰদান কৰে দুয়োটা সংগঠনে। সংগঠন দুটাৰ দাবী শীঘ্ৰে দোষী ব্যক্তিক গ্ৰেপ্তাৰ কৰক। লগতে এই বিষয়ত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰো দৃষ্টি আকৰ্ষণ কৰে সংগঠন দুটাই।

ইফালে, এই ঘটনাৰ বাবে দুখ প্ৰকাশ‌ কৰিছে এছ এম চিৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সভাপতি চলমান চৌধুৰীয়ে। স্বাস্থ্য বিভাগৰ মাজতে সংঘটিত এই অপ্ৰীতিকৰ ঘটনা ভুল বুজাবুজিৰ বাবে হোৱা বুলি উল্লেখ কৰি জে ডি এৰ সভাপতিগৰাকীয়ে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহওক বুলি আশা প্ৰকাশ কৰে।

পৰিদৰ্শকক আক্ৰমণৰ ঘটনাঃ দোষীক শাস্তি প্ৰদানৰ দাবী বৰাকৰ দুই সংগঠনৰ
প্ৰযুক্তিৰ জগতত অসমীয়া যুৱকৰ সাফল্যঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ভাস্কৰ ডেকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in