ডিজিটেল সংবাদ, চিলাপথাৰঃ ধেমাজিৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখৰ আনন্দনগৰ নদীপাৰত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জাৰ লগতে নগদ কিছু ধন।
গোপন খবৰৰ ভিত্তিত চিলাপথাৰ আৰক্ষীয়ে আনন্দনগৰ নদীপাৰৰ চিৰঞ্জীৱ ৰায় (৫৫) নামৰ লোকজনৰ ঘৰত অভিযান চলাই জব্দ কৰে ৭ কেজি গাঞ্জাৰ লগতে উদ্ধাৰ কৰে নগদ ১ লাখ ১৪ হেজাৰ টকা।
আৰক্ষীৰ অভিযানৰ খবৰ পাই ধৃত চিৰঞ্জীৱ ৰায়ে পলায়ন কৰে। সোধ পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে চিৰঞ্জীৱৰ পত্নী স্বপ্না ৰায়ক। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিছে।