পূজাৰ মাজতে গহপুৰত গৰু ভৰ্তি টেংকাৰ জব্দ...

পূজাৰ মাজতে গহপুৰত গৰু ভৰ্তি টেংকাৰ জব্দ...
পূজাৰ মাজতে গহপুৰত গৰু ভৰ্তি টেংকাৰ জব্দ...
Published on
Updated on

ডিজিটেল সংবাদ গহপুৰঃ দুৰ্গা পূজাৰ সময়ত গহপুৰৰ হাৱাজানত চাঞ্চল্যকৰ ঘটনা। পেট্ৰ'ল, ডিজেল কঢ়িয়াই অনা টেংকাৰ গাড়ীত উদ্ধাৰ ২০ টাকৈ গৰু।

নিশা প্ৰায় ডেৰ বজাত AS 05 C1 655 নম্বৰৰ টেংকাৰ গাড়ী বিশেষ সূত্ৰৰ পম খেদি হাৱাজান আৰক্ষী চকীৰ আৰক্ষীয়ে কলাবাৰীত জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে টেংকাৰখনত গৰুখিনি লখিমপুৰ, ধেমাজি দিশৰ পৰা নগাঁও ,গুৱাহটী অভিমুখে গৰু বেপাৰীয়ে আনি আছিল।

ইফালে গৰু ভৰ্তি টেংকাৰখন জব্দ কৰাৰ পাছতে চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰাই পলায়ন কৰিছে।

পূজাৰ মাজতে গহপুৰত গৰু ভৰ্তি টেংকাৰ জব্দ...
শিৱসাগৰত অঘটনঃ বিদ্যুতপৃষ্ঠ হৈ মৰিগাঁৱৰ ঠিকাদাৰৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in