সাহসিকতা, উৎকৃষ্টতাৰ বাবে মুঠ ২৫ গৰাকী অসম আৰক্ষীৰ লোকলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...

সাহসিকতা, উৎকৃষ্টতাৰ বাবে মুঠ ২৫ গৰাকী অসম আৰক্ষীৰ লোকলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...
সাহসিকতা, উৎকৃষ্টতাৰ বাবে মুঠ ২৫ গৰাকী অসম আৰক্ষীৰ লোকলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰতিবছৰৰ দৰে এইবাৰো কেন্দ্ৰীয় চৰকাৰে আৰক্ষী সেৱাৰে জড়িত বিষয়া, জোৱানলৈ তেওঁলোকৰ সাহসিকতা, কৰ্তব্যপৰায়ণতা আৰু অনুসন্ধানমূলক কাৰ্যকলাপৰ বাবে বিভিন্ন বঁটা আগবঢ়াইছে। সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ ২১ গৰাকী বিভিন্ন বৰ্গৰ আৰক্ষীৰ লোকলৈ আগবঢ়াইছে সন্মান। আনহাতে আন ৪ গৰাকী বিষয়ালৈ ইতিমধ্যে ঘোষণা কৰা হৈছে কেন্দ্ৰীয় গৃমন্ত্ৰণালয়ৰ অনুসন্ধানমূলক উৎকৃষ্টতা বঁটা

ইয়াৰে ৮ গৰাকী আৰক্ষীক প্ৰদান কৰা হৈছে সাহসিকতাৰ বঁটা। সেইদৰে ১৩ জন আৰক্ষীলৈ ঘোষণা কৰা হৈছে উৎকৃষ্ট সেৱাৰ পদক।

অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, প্ৰকাশ সোণোৱাল, উপ-পৰিদৰ্শক লাতুক দাস, ৰূপজ্যোতি নাথ, মাওব্লিক ব্ৰহ্মই লাভ কৰিছে সাহসিকতাৰ বঁটা। সেইদৰে কনিষ্টবল ছেমছন টেৰু, জয়কিৰি টেৰণ, আৰু নৱজ্যোতি ৰয়েও লাভ কৰিছে সাহসিকতাৰ বঁটা।

আনহাতে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, মান্দাকাটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সতীশ কুমাৰ, ডাকুৰভিটাৰ এ এছ আই মনোৰঞ্জন কাকতি, উলুবাৰীৰ এ এছ আই এইচ বিশ্বৌ চন্দ্ৰ সিংহ, শালবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি দত্ত, মাইবঙৰ পৰিদৰ্শক দ্বীপেন পাটৰ, ডাকুৰভিটাৰ উপ-পৰিদৰ্শক ৰাজকুমাৰ সিং, উলুবাৰীৰ উপ-পৰিদৰ্শক কমলেশ্বৰ পাণ্ডে  অভয়াপুৰীৰ হাবিলদাৰ দ্বীপেন চন্দ্ৰ বৰা,  ৰজনীকান্ত বৰ্মন, শিৱসাগৰৰ কনিষ্টবল দিগন্ত বাগলাৰী, বঙাইগাঁৱৰ কনিষ্টবল নিৰলা বালা কছাৰীয়ে লালভ কৰিছে উৎকৃষ্ট সেৱা পদক।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১২ আগষ্টত ঘোষণা কৰা কেন্দ্ৰীয় গৃমন্ত্ৰণালয়ৰ অনুসন্ধানমূলক উৎকৃষ্টতা বঁটা লাভ কৰিছিল অসম আৰক্ষীৰ ৪ গৰাকী আৰক্ষী বিষয়াই। দেশৰ মুঠ ১৪০ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত এই বঁটা লাভ কৰিছে ক্ৰমে-আৰক্ষী উপ আয়ুক্ত সুৰজিৎ সিং পানেছাৰ, আৰক্ষী পৰিদৰ্শক দুৰ্গাকিংকৰ কুমাৰ, আৰক্ষী পৰদিৰ্শক আৰিফুল হক আৰু উপ-পৰদিৰ্শক এম থাদৈ সিংহ।

সাহসিকতা, উৎকৃষ্টতাৰ বাবে মুঠ ২৫ গৰাকী অসম আৰক্ষীৰ লোকলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...
স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত চাৰিগৰাকী অসম আৰক্ষীৰ বিষয়ালৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in