চৰকাৰে কৰিব নোৱাৰা কাম কৰি ৰাইজক সকাহ দিয়াৰ চেষ্টা চাবুৱা প্ৰেছ ক্লাৱৰ

চৰকাৰে কৰিব নোৱাৰা কাম কৰি ৰাইজক সকাহ দিয়াৰ চেষ্টা চাবুৱা প্ৰেছ ক্লাৱৰ
Published on
Updated on

ডিজিটেল সংবাদ , চাবুৱাঃ ৰাজ্য চৰকাৰৰ বিয়াগোম যোগান বিভাগে ৰাজ্যত কৰিব নোৱাৰা কাম চাবুৱাত কৰি দেখুৱালে চাবুৱা প্ৰেছ ক্লাবে । যি সময়ত শাক- পাচলিৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ বজাৰলৈ যাব নোৱাৰা এক পৰিবেশৰ সৃষ্টি কৰিছে সেই সময়তেই চাবুৱা প্ৰেছ ক্লাবৰ সাংবাদিকসকলে অধিক মুনাফা লাভ কৰাৰ স্বাৰ্থত শাক-পাচলিৰ মূল্যবৃদ্ধি কৰা ব্যৱসায়ীসকলক শাক-পাচলিৰ মূল্য কমাবলৈ বাধ্যত পেলাইছে।

এতিয়া খেতিৰ বতৰ । ৭০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত শাক - পাচলিৰ মূল্যবৃদ্ধিয়ে কৃষক ৰাইজক চিন্তিত কৰাৰ সময়তেই চাবুৱা প্ৰেছ ক্লাবে বিভিন্ন ঠাইৰ গাওঁসমূহৰ পৰা শাক-পাচলি ক্ৰয় কৰি আনি ৩০ টকাৰ পৰা ৫০ টকাৰ মূল্যত আনি চাবুৱাৰ চাৰিআলিত সপ্তাহত দুটা দিন বিক্ৰী কৰি যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছে । পৰিবেশ এনে পৰ্যায় পাইছেগৈ যে চাবুৱাৰ চাৰিআলিত শাক- পাচলি আনি গাড়ীৰ পৰা নমাব নৌপাওতেই ৰাইজে হেতাওপৰা কৰা দেখা গৈছে ।

প্ৰায় ২-৩ ঘন্টাতেই সকলো শাক-পাচলি বিক্ৰী হৈ শেষ হোৱাত বহু গ্ৰাহকে কম মূল্যত শাক-পাচলি কিনিবলৈ আহি বিমুখ হৈ যাবলগীয়া হৈছে । এই পদক্ষেপে সকাহ দিছে জনতাক।

চৰকাৰে কৰিব নোৱাৰা কাম কৰি ৰাইজক সকাহ দিয়াৰ চেষ্টা চাবুৱা প্ৰেছ ক্লাৱৰ
ওদালগুৰিত উৱলি যোৱা অচিনাক্ত মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in