হত্যাকাণ্ডৰ ক্লু বিচাৰি দিকবিদিক হেৰুৱাইছে চানমাৰি আৰক্ষীয়ে, একাংশ কিন্নৰক সোধা-পোছা

 হত্যাকাণ্ডৰ ক্লু বিচাৰি দিকবিদিক হেৰুৱাইছে চানমাৰি আৰক্ষীয়ে,  একাংশ কিন্নৰক সোধা-পোছা
Published on
Updated on

ডিজিটেল ডেস্কঃ চানমাৰি হত্যাকাণ্ডৰ ক্লু বিচাৰি দিকবিদিক হেৰুৱাইছে চানমাৰি আৰক্ষীয়ে। ক্লু বিচাৰি নাপাই ক্রাইম ব্রাঞ্চৰ সহায় লৈছে মহানগৰ আৰক্ষীয়ে।

চানমাৰি থানাত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ ক্রাইম ব্রাঞ্চৰ। একাংশ কিন্নৰক চানমাৰি থানালৈ মতাই আনি সোধা-পোছা কৰিছে।

এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃত আমদাদুলৰ ম’বাইল ফোন। শিৱসাগৰত ম’বাইলৰ শেহতীয়া লোকেচন লাভ কৰিছে আৰক্ষীয়ে। শিৱসাগৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে চানমাৰি আৰক্ষীয়ে। ম’বাইল ফোনটো উদ্ধাৰ হ’লে হত্যাকাণ্ডৰ ৰহস্য ফাদিলৰ সম্ভাৱনা।

উল্লেখ্য যে,শনিবাৰে পুৱা মহানগৰীৰ চানমাৰিস্থিত অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ হোষ্টেলৰ কাষত উদ্ধাৰ হৈছিল এই মৃতদেহটো। প্ৰথম অৱস্থাত মৃতদেহটো তৃতীয় লিংগৰ বুলি স্থানীয়ই কৈছিল যদিও পৰৱৰ্তী সময়ত গম পোৱা যায় মৃতদেহটো যুৱকৰ বুলি। এতিয়াও ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

 হত্যাকাণ্ডৰ ক্লু বিচাৰি দিকবিদিক হেৰুৱাইছে চানমাৰি আৰক্ষীয়ে,  একাংশ কিন্নৰক সোধা-পোছা
বহিঃ ৰাজ্যত পুনৰ নিৰুদ্দেশ অসমৰ লোক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in