গহপুৰৰ 'নিমিষা কিটচেন'ৰ উদ্যোগত 'চাও চেং' আৰু আশা ছুপাৰভাইজৰৰ আলাপ

নাৰীৰ সবলীকৰণৰ ওপৰত সংঘবদ্ধ ভাবে কাম কৰি যোৱাৰ অংগীকাৰ।

author-image
Asomiya Pratidin
New Update
গহপুৰৰ 'নিমিষা কিটচেন'ৰ উদ্যোগত 'চাও চেং' আৰু আশা ছুপাৰভাইজৰৰ আলাপ

গহপুৰৰ 'নিমিষা কিটচেন'ৰ উদ্যোগত 'চাও চেং' আৰু আশা ছুপাৰভাইজৰৰ আলাপ

ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰৰ অন্যতম খাদ্য সম্ভাৰৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান "নিমিষা কিটচেন"ৰ উদ্যোগত বৃহস্পতিবাৰে এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়।নিমিষা কিটচেনৰ সভাগৃহত অনুষ্ঠিত এই ব্যতিক্ৰমী অনুষ্ঠানটোত গহপুৰৰ সামাজিক ক্ষেত্ৰত নতুনকৈ জন্ম লাভ কৰা স্বেচ্ছাসেৱী সংগঠন "চাও চেং" আৰু গহপুৰ মহকুমাৰ ২৪ গৰাকী আশা ছুপাৰভাইজৰৰ মাজত অনুষ্ঠিত হয় এক অন্তৰংগ আলাপ অনুষ্ঠান।

মহিলা সবলীকৰণ,নাৰীৰ অধিকাৰ, নাৰীৰ সুৰক্ষা,অন্ধবিশ্বাস দূৰীকৰণ,আশা কৰ্মী আৰু ছুপাৰভাইজৰসকলৰ বিভিন্ন সমস্যা আদিৰ ওপৰত আলোচনা কৰা অনুষ্ঠানটোৰ জৰিয়তে নাৰী শক্তিক অধিক শক্তিশালী কৰি সমাজৰ হকে নিষ্ঠা আৰু সততাৰে কাম কৰি যোৱাৰ বাবে সকলো অংগীকাৰবদ্ধ হয়।

অনুষ্ঠানটোত গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াই কয় যে, নাৰী শক্তি হৈছে এক মহান শক্তি। নাৰী সকলে যদি সংঘবদ্ধ হৈ কাম কৰে এক ইতিবাচক প্ৰভাৱ পৰে এখন সমাজত।

গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা আশা কৰ্মী আৰু আশা ছুপাৰভাইজৰসকলক চাও চেঙৰ বিষয়ববীয়াসকলে অনাগত দিনত সহায় আৰু সহযোগিতা আগবঢ়াই যোৱাৰ বাবে আশা প্ৰকাশ কৰে সাংবাদিক ভুৱন শইকীয়াই।

অনুষ্ঠানটোত উপস্থিত থাকি অসমীয়া প্ৰতিদিনৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই নিজৰ ভাষণত কয় যে, গৰ্ভস্থ সন্তান, নৱজাত শিশু, সন্তান সম্ভৱা মহিলা আৰু প্ৰসূতি মাতৃৰ উপযুক্ত স্বাস্থ্য সুৰক্ষাৰ হকে তৃণমূল পৰ্য্যায়ত থাকি স্বাস্থ্য জনিত সেৱা আগবঢ়াই অহা আশা কৰ্মী আৰু আশা ছুপাৰভাইজৰসকল সমাজৰ সকলোৰে বাবে শ্ৰদ্ধেয় ব্যক্তি। দিন ৰাতি, ৰ'দ বৰষুণ একাকাৰ কৰি তেওঁলোকে নিষ্ঠাৰে আগবঢ়াই অহা সেৱাই অসমৰ চিকিৎসা আৰু স্বাস্থ্য খণ্ডত যথেষ্ট পৰিবৰ্তনৰ জোৱাৰ আনিছে। কিন্তু আশা কৰ্মী আৰু আশা ছুপাৰভাইজৰ সকলে "গ্ৰাউণ্ড জিৰ"ত কাম কৰি আগবঢ়াই অহা সেৱাৰ বিপৰীতে তেওঁলোকে লাভ কৰা মাহেকীয়া পাৰিতোষিক মুঠেই সন্তোষজনক নহয়।তেনেই সীমিত পাৰিতোষিকৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি অহা আশা কৰ্মী আৰু আশা ছুপাৰভাইজৰসকলৰ পাৰিতোষিক বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে দুগুণ উৎসাহেৰে সেৱা আগবঢ়াই যোৱাৰ ক্ষেত্ৰত তেওঁলোক উৎসাহিত হ'ব।

অনুষ্ঠানটোত কেইবাগৰাকীও আশা ছুপাৰভাইজৰে তেওঁলোকৰ কৰ্মময় জীৱনৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে মাহেকীয়া পৰিতোষিক বৃদ্ধি কৰা আৰু আন আন আনুষংগিক চৰকাৰী সুবিধা প্ৰদান কৰাৰ বিষয়সমূহৰ ক্ষেত্ৰত চৰকাৰৰ উপযুক্ত পদক্ষেপ আশা কৰে। উক্ত অন্তৰংগ আলাপ অনুষ্ঠানটোত গহপুৰ মহকুমাৰ খণ্ড সামূহিক সঞ্চালিকা পুস্পা কলিতা,স্বেচ্ছাসেৱী সংগঠন "চাও চেং"ৰ সভানেত্ৰী বিজু বৰা,উপ সভানেত্ৰী মিতালী কোঁৱৰ, সহকাৰী সম্পাদিকা মিতালী হাজৰিকা মোছাহাৰী,সাংগঠনিক সম্পাদিকা কৰবী হাজৰিকা, বিত্ত সম্পাদিকা নিমিষা কোঁৱৰ, মঞ্জু বৰুৱা আৰু ডঃ দীপশিখা বৰুৱা আদি উপস্থিত থাকে।

চাও চেঙৰ হৈ ড০ দীপশিখা বৰুৱাই আশা কৰ্মী আৰু আশা ছুপাৰভাইজৰসকলৰ আন্তৰিক সেৱাক শলাগ লোৱাৰ লগতে তেওঁলোকক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে "চাও চেং" সদায় সাজু বুলি উল্লেখ কৰে। অনুষ্ঠানটোৰ শেষত নিমিষা কিটচেনে সকলোকে আপ্যায়ন কৰে।

Also Read: বিশ্ববজাৰত চাহিদা অনুসৰি নাই ইলিছৰ যোগানঃ সুযোগ লোৱাত ব্যৰ্থ ভাৰত....

গহপুৰ আশা কৰ্মী