নিৰ্দয় ! চৰাইদেউত পিটনি-দলঘাঁহৰ মাজত উদ্ধাৰ নৱজাতকৰ মৃতদেহ...

নিৰ্দয় ! চৰাইদেউত পিটনি-দলঘাঁহৰ মাজত উদ্ধাৰ নৱজাতকৰ মৃতদেহ...
Published on
Updated on

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ নাহৰহাবি চাহ বাগিচাৰ এক স্থানত শুকুৰবাৰে বিয়লি এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বাগিচাখনৰ জনসাধাৰণৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বাগিচাখনৰ ৩০নং খণ্ডত থকা এডৰা পিতনিৰ দল ঘাঁহৰ মাজত স্থানীয় ৰাইজে নৱজাতক কন্যা শিশু মৃতদেহটো প্ৰত্যক্ষ কৰে।

প্ৰত্যক্ষদৰ্শীয়ে এই বিষয়ে লাকুৱা আৰক্ষীক অৱগত কৰাৰ পাছতে আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য নৱজাতকটি আনুমানিক ২/৩ মহীয়া। লোকলজ্জা বা লোকনিন্দাৰ বাবে কোনো পাষাণে লোকে এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।

নিৰ্দয় ! চৰাইদেউত পিটনি-দলঘাঁহৰ মাজত উদ্ধাৰ নৱজাতকৰ মৃতদেহ...
এজাক বৰষুণতেই ডুব যায় তিনিচুকীয়া চহৰঃ ক'ত গ'ল উন্নয়নৰ কোটি কোটি টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in