ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মাহমৰা আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটীৰ সাংগঠনিক আলোচনা বৈঠক। মৰাণহাট উষাপুৰস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙ্গীয়াৰ বাসগৃহৰ প্ৰাংগনত অনুষ্ঠিত হয় এই বৈঠক।
সভাত আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় সাংগঠনিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনাৰে মাহমৰা সমষ্টিৰ কংগ্ৰেছে ককালত টঙালি বান্ধিছে। বৈঠকত চৰাইদেউ জিলা কমিটিৰ সাধাৰণ সম্পাদক নৃপেন কোঁৱৰৰ লগতে জিলা বিষয়ববীয়া, মাহমৰা সমষ্টিৰ অন্তৰ্গত মাহমৰা আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটীৰ বিষয়ববীয়া, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া, গাঁও পঞ্চায়তৰ বিষয়ববীয়া, মহিলা কংগ্ৰেছৰ লগতে চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈ, জিলা কংগ্ৰেছৰ উপ-সভাপতি আব্দুল মালিক, মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি পাৰ্থপ্ৰতিম সন্দিকৈ আৰু কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী, নেতা উপস্থিত থাকে।
উক্ত বৈঠকত মাহমৰা সমষ্টিৰ যুৱ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙ্গীয়া আৰু জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নৃপেন কোঁৱৰে কংগ্ৰেছ দলৰ নিৰ্দেশনা মতে "হাতত হাত ধৰি" আৰু "মোৰ বুথ মোৰ দায়িত্ব" এই কাৰ্যসূচীৰে কংগ্ৰেছ দলটোক শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়।
Also Read: অমানৱীক! দৈয়াং নদীত গা-ধুৱাৰ দোষত শাস্তি শিশুক...