ডিজিটেল সংবাদ, চৰাইদেউঃ বিশ্ব দৰবাৰত চৰাইদেউ মৈদাম ক্ষেত্ৰক জিলিকাই তোলাৰ অসমীয়াৰ সপোন দিঠকৰ দিশে। শনিবাৰে চৰাইদেউত উপস্থিত হ'ব ইউনেস্কৰ প্ৰতিনিধিৰ দল। দলটোত আছে বিশেষজ্ঞ লিম চিং চিয়াঙ ৷
বিয়লি প্ৰায় ৩.৩০ বজাত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হ'ব দলটো। এই খবৰে চৰাইদেউবাসীৰ মাজত এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ ইউনেস্কৰ বিশেষজ্ঞগৰাকী আগমনলৈ আৰক্ষীয়ে নিৰাপত্তা দিশটো কটকটীয়া কৰিছে।
৯ অক্টোবৰৰ বিয়লি পৰ্যন্ত বিশেষজ্ঞগৰাকীয়ে মৈদাম এলেকাৰ বিভিন্ন তথ্য, সমল সংগ্ৰহ কৰিব ৷ আৰু এই তথ্যৰ ভিত্তিতেই প্ৰতিবেদন দাখিল কৰিব দলটোৱে। প্ৰতিবেদনৰ প্ৰতি লক্ষ ৰাখি আহা বছৰ মাজ ভাগত চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহায ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব কৰ্তৃপক্ষই।