চৰাইদেউৰ চলাপথাৰত দক্ষিণ কোৰিয়াৰ সাতজনীয়া দল...

চৰাইদেউৰ চলাপথাৰত দক্ষিণ কোৰিয়াৰ সাতজনীয়া দল...

author-image
Asomiya Pratidin
New Update
চৰাইদেউৰ চলাপথাৰত দক্ষিণ কোৰিয়াৰ সাতজনীয়া দল...

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত কালি দক্ষিণ কোৰিয়াৰ সাতজনীয়া দল এটা উপস্থিত হয়। World Fragrant Cooperation সংস্থাৰ এই দলটিত ৩ গৰাকী বৌদ্ধ ভিক্ষু আৰু সংস্থাটোৰ বিষয়ববীয়া সকল আছে বুলি জানিব পৰা গৈছে ৷ দলটিয়ে চলাপথাৰ বৌদ্ধ বিহাৰত Share The Light phrase III কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷

উল্লেখযোগ্য যে ইয়াৰ অধীনত আৰ্থিকভাৱে দুৰ্বল কেটেৰেক্ট ৰোগীৰ বিনামূলীয়া চকু চিকিৎসা কৰা হয় ৷ ইয়াৰ পূৰ্বে দুটা পৰ্যায়ত সফলতাৰে বহুজন কেটেৰেক্ট ৰোগীক বিনামূলীয়া চকু অপাৰেচন কৰি দিয়া হৈছিল ৷ মনকৰিবলগীয়া যে গাঁৱখনত প্ৰয়াত ড° প্ৰদীপ শ্যামে Share the Light আৰম্ভ কৰিছিল আৰু তেওঁৰ মৃত্যুৰ পাছতো তেওঁৰ সন্মানাৰ্থে shard the Light কাৰ্যসূচী চলাই নিয়া হৈছে ৷

প্ৰথম অৱস্থাত দক্ষিণ কোৰিয়াৰ সংগঠন পাৰামিতা চেজং ৰ লগত নমো বুদ্ধা সামাজিক সংস্থাই share the light ৰ দুটা phrase সম্পন্ন কৰাৰ পাছত এইবাৰ World Fragrant Cooperation ৰ লগত চলাপথাৰ শ্যাম গাৱঁৰ নমো বুদ্ধা সংগঠনে এই কাৰ্যসূচী ৰূপায়ন কৰিব ৷ উল্লেখ্য যে কালি দিনৰ ভাগত দক্ষিণ কোৰিয়াৰ দলটি স্থানীয় চলা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়।

বিদ্যালয় খনিৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰী সকলে দলটোক উষ্ম আদৰণি জনাই বিদ্যালয় খনিলৈ আদৰি আনে। পৰৱৰ্তী সময়ত এটি ইংৰাজী গীতেৰে ছাত্ৰ ছাত্ৰী সকলে দলটোক আদৰণি জনোৱাৰ লগতে ফুলাম গামোচা আৰু পৰম্পৰাগত ফুলৰ থোপাৰে তেওঁলোকক আদৰণি জনায় ৷

ইয়াৰ পাছত বিদ্যালয়খনিত হেপী চেয়াৰ নামেৰে হোৱা অনুষ্ঠান এটিৰ আঁত ধৰে শিক্ষয়িত্ৰী মনালিছা ৰাজকোৱঁৰে আৰু আদৰণি ভাষণ আগবঢ়াই জ্যেষ্ঠ শিক্ষক ৰহমৎ উল্লাহ হুছেইনে । অনুষ্ঠানটিত কোৰিয়াৰ দলটিয়ে বিদ্যালয়খনৰ বাবে ১০০০ আমেৰিকান ডলাৰ অনুদান হিচাপে আগবঢ়ায় ৷ পৰিশেষত শিক্ষক প্য ছেং চউলুৱে শলাগৰ শৰাই আগবঢ়ায় ৷

চৰাইদেউ