ডিজিটেল সংবাদ,চৰাইদেউঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো যোৱা ৯ আগষ্টৰ পৰা পূৰ্ণোদ্যমে আৰম্ভ হৈছে "হৰ ঘৰ ত্ৰিৰংগা" অভিযান। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অব্যাহত থকা "হৰ ঘৰ ত্ৰিৰংগা" অভিযানৰ অংশস্বৰূপে আজি পুৱাৰ ভাগতে চৰাইদেউ জিলাত আয়োজন কৰা হয় এক বিশাল ত্ৰিৰংগা পদযাত্ৰাৰ।
জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা এই ত্ৰিৰংগা পদযাত্ৰা আবৰ্ত ভৱনত সামৰণি পৰে। ত্ৰিৰংগা পদযাত্ৰাৰ শুভাৰম্ভ কৰি প্ৰদান কৰা বক্তব্যত জিলা আয়ুক্ত গৰাকীয়ে এই পদযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী অংশগ্ৰহণকাৰীক অভিনন্দন জনায়।
"ৰাষ্ট্ৰীয় পতাকা এখন দেশৰ গৰিমা আৰু স্বভিমানৰ প্ৰতীক" বুলি মন্তব্য কৰি তেওঁ ভাৰতৰ মান-সম্ভ্ৰম আৰু সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ হকে দেশৰ প্ৰতিগৰাকী নাগৰিকে ত্ৰিৰংগা পতাকাক যথোচিত সন্মান আৰু মৰ্যাদা প্ৰদান কৰাটো উচিত বুলি উল্লেখ কৰে।
আজিৰ এই পদযাত্ৰাত অতিৰিক্ত জিলা আয়ুক্তদ্বয় পলাশ ৰাজকুমাৰ আহোম আৰু শ্ৰাৱণা সোণোৱাল, অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতি প্ৰসাদ পেগু, সহকাৰী আয়ুক্তদত্ৰয় ভাস্কৰ জ্যোতি দাস, অঞ্জন জ্যোতি দ'লে, অনুৰাগ ৰুদ্ৰ প্ৰমুখ্যে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, আৰক্ষী জোৱান আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।