ডিজিটেল সংবাদ হাজোঃ 'অম্লান দেশপ্ৰেমেৰে উদ্ধুদ্ধ বিষ্ণুৰাম মেধিৰ বিষয়ে অসমত যিদৰে চৰ্চা হ'ব লাগিছিল সেই ধৰণে আজিও চৰ্চা হোৱা নাই। অসমৰ স্বাৰ্থ সুৰক্ষাই আছিল তেওঁৰ জীৱনৰ অটল ব্ৰত। এই ব্ৰতত তেওঁ চিৰদিন দৃঢ় হৈ আছিল।' ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী 'লৌহমানৱ' বিষ্ণুৰাম মেধিৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে।
হাজোস্থিত বিষ্ণুৰাম মেধিৰ বাসগৃহ 'কল্যাণ ভৱন'ত অনুষ্ঠিত হোৱা প্ৰতিমূৰ্তি উন্মোচনৰ সভাত অংশগ্ৰহণ কৰি আজি মুখ্যমন্ত্ৰী ড০ শৰ্মায় প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ ৭ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি, বিষ্ণুৰাম মেধিৰ নাতিনী তথা আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা বন্দিতা ডেকা মেধি, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰপ্ৰীয়া, বিশিষ্ট নাগৰিক থানেশ্বৰ মালাকাৰ, জিলা উপায়ুক্ত কীৰ্তি জল্লীকে কৰি বহু বিশিষ্ট ব্যক্তি।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, এটা বৰ্ণিল ব্যক্তিত্বৰ অধিকাৰী, এগৰাকী যুগ নায়ক, লৌহমানৱ বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই প্ৰতিমূৰ্তি উন্মোচনৰ জৰিয়তে এই মহান নেতাগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এক সৎ প্ৰচেষ্টা হাতত লৈছোঁ। এগৰাকী সমাজ হিতৈষী, অসম প্ৰেমী ৰাজনীতিবিদ তথা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মেধিদেৱে আগবঢ়ায় যোৱা অসামান্য অৱদানে প্ৰতিগৰাকী অসমীয়াকে যুগে যুগে উদ্বুদ্ধ কৰি আহিছে।
তেওঁ কয়,'লৌহমানৱ' বিষ্ণুৰাম মেধিৰ এই ৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নতুন প্ৰজন্মৰ বাবে হৈ পৰিব দেশপ্ৰেমৰ অনুপম উৎস। মেধিয়ে অসমীয়া জাতিৰ সুৰক্ষা আৰু বিকাশৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কি ধৰণে অসামান্য সেৱা আগবঢ়াইছিল সেই কথা সোঁৱৰাই এই প্ৰতিমূৰ্তিটোৱে যুগে যুগে নতুন প্ৰজন্মক উৎসাহিত কৰিব।
লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ উত্তৰসুৰী হিচাপে বিষ্ণুৰাম মেধিয়ে অসম, অসমীয়া সমাজ, অসমৰ জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বাবে কিদৰে কাম কৰিছিল সেই কথা সোঁৱৰি ড০ শৰ্মাই কয়, কুৰি শতিকাৰ ষষ্ঠ দশকত স্বাধীনতাৰ দোকমোকালিত এখন বিকশিত অসমৰ বুনিয়াদ গঢ়াৰ যুগেদি জনজাতীয় সমাজ আৰু অসমীয়া মানুহৰ মাজত সুৰক্ষা আৰু সমন্বয়ৰ সপোন দেখিছিল ভাৰত ৰত্ন গোপীনাথ বৰদলৈয়ে। কিন্তু স্বাধীন অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব সৰহ দিন পালন কৰিবলৈ পোৱাৰ পৰিৱৰ্তে ১৯৫০ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ মাজৰ পৰা আঁতৰি যায়। বৰদলৈৰ ডাঙৰীয়াই ৰিক্ত কৰি থৈ যোৱা মুখ্যমন্ত্ৰী আসনৰ বাবে যিগৰাকী ব্যক্তিৰ নাম উচ্চাৰিত হৈছিল তেওঁৱেই আছিল জননেতা বিষ্ণুৰাম মেধি ডাঙৰীয়া। বৰদলৈৰ এই আধৰুৱা সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব বিষ্ণুৰাম মেধি ডাঙৰীয়াই কান্ধ পাতি লৈছিল।
বিষ্ণুৰাম মেধি সন্দৰ্ভত তেওঁ পুনৰ কয়, অসমৰ স্বাৰ্থ সুৰক্ষাই আছিল তেওঁৰ অটল অমৃত ব্ৰত। এই ব্ৰতত তেওঁ চিৰদিন দৃঢ় হৈ আছিল। অসমৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে তেওঁ যুঁজ দিলে। সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ কৰি অসমীয়া জাতিক সগৌৰৱে থিয় হৈ থকাৰ বাবে প্ৰেৰণা যোগালে। এনে এগৰাকী দেশপ্ৰেমিকৰ বিষয়ে আমাৰ ৰাজ্যত যিধৰণে চৰ্চা হ'ব লাগিছিল সেই ধৰণে আজিও চৰ্চা হোৱা নাই।তেল শোধানাগৰত পণ্ডিত নেহৰুৰৰ সৈতে সমুখ সমৰত তেওঁ লিপ্ত হৈছিল। অসমৰ পৰা বিদেশীক উচ্ছেদ কৰিবলৈ তেওঁ গোটেই জীৱন নিজক নিয়োজিত কৰিছিল। জীৱনৰ পিছতো তেওঁৰ সঞ্চিত সকলো উপাৰ্জন অসমৰ ৰাইজৰ বাবে আগবঢ়াই থৈ গৈছিল। লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দৰে সুদক্ষা প্ৰশাসক অসমে দ্বিতীয়জন কেতিয়াও নাপায়।
উল্লেখ্য যে, লৌহমানৱ বিষ্ণুৰাম মেধিৰ এই প্ৰতিমূৰ্তি উন্মোচনৰ বাবে উপস্থিত হোৱাৰ পাছতে আজি মুখ্যমন্ত্ৰীগৰাকীক গায়ন-বায়নেৰে আদৰি আনে বিষ্ণুৰাম মেধিৰ শিশু কল্যাণ ভৱনলৈ। ইয়াতে দুটা বছৰৰ প্ৰচেষ্টাৰ অন্তত বিষ্ণুৰাম মেধি প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিয়ে প্ৰায় ৮ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিছে বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি।
লৌহমানৱ বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আৰু প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল। এইগৰাকী স্বনামধন্য অসমীয়াৰ নামতে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা শুৱালকুছি-পলাশবাৰী দলংখন নামাকৰণ কৰা হ'ব বুলিও আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰে। ভাষণ প্ৰসংগত তেওঁ আজিৰ অসমৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি আৰু ১০ বছৰ যদি বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিল হয় তেন্তে অসমে আজিৰ বিদেশী নাগৰিকৰ সমস্যাৰ সন্মুখীন হবলগীয়া নহ'লহেতেন বুলিও মন্তব্য কৰে।