ডিজিটেল ডেস্কঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোডীক বৃহস্পতিবাৰে সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি, বানপীড়িত সকলৰ বান সাহাৰ্য আৰু সংস্থাপনৰ বিষয়ে চৰকাৰে প্ৰদান কৰা সাহাৰ্য সন্দৰ্ভত অৱগত কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে মুখ্যমন্ত্ৰীগৰাকীক বান পৰিস্থিতিক লৈ সম্ভাব্য সহায়ৰ আশ্বাস প্ৰদান কৰে ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি টুইট কৰা পৰিলক্ষিত হয় । ৰাজ্যৰ উন্নয়নৰ কথা প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰা হয় বুলিও টুইটযোগে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
Also Read: সূৰ্যৰ দৰে জ্যোতিষ্মান আছিল আমাৰ গুৰু শংকৰঃ গোলাব চান্দ কাটাৰিয়া