মূলসুঁতিলৈ উভতিল : মুখ্যমন্ত্ৰীৰ হাতত ৫ আদিবাসী বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সম্বৰণ

মূলসুঁতিলৈ উভতিল : মুখ্যমন্ত্ৰীৰ হাতত ৫ আদিবাসী বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সম্বৰণ
Published on
Updated on

ডিজিটেল ডেস্ক: হত্যা-হিংসা-অপৰাধজনিত কৰ্মকাণ্ড পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি আহিল বিদ্ৰোহী সংগঠন। বৃহস্পতিবাৰে ৫টাকৈ আদিবাসী বিদ্ৰোহী সংগঠনে মূলসুঁতিলৈ ঘূৰি আহে।

ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত এই ৫ বিদ্ৰোহী সংগঠনৰ মূলসুঁতিলৈ অহাৰ পথ প্ৰসস্ত হয়। পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অস্ত্ৰ সম্বৰণ অনুষ্ঠানত সংগঠন কেইটিৰ প্ৰায় ১২০০ গৰাকী কেডাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰসমূহ জমা দিয়ে।

উক্ত অনুষ্ঠানত প্ৰায় ৩শতাধিক অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে জমা দিয়ে। উল্লেখ্য যে অস্ত্ৰ সম্বৰণ কৰা ৫ আদিবাসী সংগঠন কেইটাৰ নাম হৈছে ACMA, BCF, AANLA, STF,আৰু APA । আনহাতে এই অনুষ্ঠানতে শপত ল’ব আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ বিষয়ববীয়াসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in