ডিজিটেল ডেস্কঃ লোককল্যাণ দিৱস উপলক্ষে ৰাজ্যৰ কেইবাজনো বিষয়ালৈ আগবঢ়োৱা হৈছে 'কৰ্মশ্ৰী' সন্মান। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসনৰ ক্ষেত্ৰত দেখুওৱা কৰ্মদক্ষতাৰ বাবে আগবঢ়াইছে এই সন্মান।
অসম চৰকাৰৰ প্ৰশাসনীক সংস্কাৰ, প্ৰশিক্ষণ আদি বিভাগ জাৰি কৰা নিৰ্দেশনা No. ART-14025/1/2023/173 ৰ জৰিয়তে ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ এই 'কৰ্মশ্ৰী' সন্মান ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই প্ৰদান কৰিব। 'আমাৰ মাজুলী' পদক্ষেপৰ বাবে এ চি এছ পুলক মহন্ত আৰু তেওঁৰ দলীয় সতীৰ্থ এ চি এছ কেশৱানন্দ টাইড, এছ ডি এ অ' ঈৰ্শাদ আলীলৈ আগবঢ়োৱা হৈছে এই সন্মান।
ব্যৱসায় কৰণ সহজৰ বাবে এ চি এছ অনামিকা তিৱাৰী আৰু তেওঁৰ দলীয় সতীৰ্থ ডেপুটি লেবাৰ কমিচনাৰ অজন্তা শৰ্মা, এচিছটেণ্ট লেবাৰ কমিচনাৰ (মুখ্য কাৰ্যালয়) হেমন্ত কলিতা, ডেপুটি লেবাৰ কমিচনাৰ ঈশানু শ্বাহ, মডেল হাউচিং কলনি আনডাৰ পি এম এ ৱাই-জিৰ বাবে ডিব্ৰুগড়ৰ বি ডি অ' ৰঞ্জিত কুমাৰ বুঢ়াগোহাঁইলৈ আগবঢ়োৱা হৈছে এই সন্মান।
একেদৰে প্ৰজেক্ট কৃষক বৰ্ধনৰ বাবে আই এ এছ মাচন্দা মেগডালিন পাৰ্টিং আৰু তেওঁৰ দলীয় সতীৰ্থ এ চি এছ বন্তী তালুকদাৰ, ডি এ অ' দুলাল দাস, প্ৰ'মটিং ইক' টুৰিজিম ইন বৰাইল ৱাইল্ড লাইফ চেনচুৰীৰ বাবে আই এফ এছ তেজস্ব মৰিস্বামী আৰু তেওঁৰ দলীয় সতীৰ্থ এ চি এফ উত্তমানন্দ গোস্বামী, আৰ অ' অৰবিন্দ ডেকা, ফৰেষ্টাৰ গ্ৰেড-১ শচীন ৰাজকুমাৰলৈও আগবঢ়োৱা হৈছে এই সন্মান।
সেইদৰে ৰিহেবিলিটেশ্যন অফ মিউনিচিপাল ছলিড ৱেষ্ট এট নৰ্থ লখিমপুৰ মিউনিচিপাল ব'ৰ্ডৰ বাবে আই এ এছ সুমিত সট্টাৱন আৰু তেওঁৰ দলীয় সতীৰ্থ এ চি এছ কেছিঅ' কৰণ পেগুলৈ আগবঢ়োৱা হৈছে এই সন্মান।
Also Read: ডুৰাণ্ড কাপৰ টিকটকলৈ কোকৰাঝাৰত হাহাকাৰ...