দোকানলৈ আহি শিশুৰ সৈতে খেলি আছিল যুৱক, পাছত কৰি নিলে অপহৰণ

দোকানলৈ আহি শিশুৰ সৈতে খেলি আছিল যুৱক, পাছত কৰি নিলে অপহৰণ
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। দিনদুপৰতে দুৰ্বৃত্তই অপহৰণ কৰি নিলে এটি শিশু। দেওবাৰে সংঘটিত হয় এই ঘটনা। অভিযোগ অনুসৰি মৰম কৰাৰ চলেৰে দুৰ্বৃত্তই অপহৰণ কৰিলে শিশুটি। খানাপাৰা উৰণসেতু সমীপত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

দিনৰ প্ৰায় ১১ মান বজাত সংঘটিত হয় এই ঘটনাৰ। দোকান দি জীৱন নিৰ্বাহ কৰা হাচিনা বেগমৰ ডেৰ বছৰীয়া কন্যা শিশুটিক অপহৰণ কৰে দুৰ্বৃত্তই। শিশুটিৰ মাতৃয়ে জনোৱা অনুসৰি বিগত কেইবাদিনো ধৰি দোকানখনলৈ আহি আছিল এজন যুৱক।

যুৱকজনে প্ৰায়ে শিশুটিৰ লগত সময় কটোৱা প্ৰত্যক্ষ কৰিছিল শিশুটিৰ মাতৃ তথা যান-বাহন চালক সকলে। অনুৰূপ ধৰণে আজিও দোকান খনলৈ আহি শিশুটিৰ সৈতে খেলি আছিল যুৱকজনে। খেলি থকাৰ মাশিশুটিক সেই যুৱকজনে লৈ যোৱাৰ প্ৰত্যক্ষ কৰে একাংশ চালকে।

শিশুটিক বিচাৰি এতিয়া হাবাথুৰি খাইছে মাতৃয়ে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

দোকানলৈ আহি শিশুৰ সৈতে খেলি আছিল যুৱক, পাছত কৰি নিলে অপহৰণ
‘প্ৰান্তিক’ৰ লে-আউট আৰ্টিষ্টজন এতিয়া অইলৰ সঞ্চালক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in