ডিজিটেল সংবাদ, চিৰাং : অসম চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো ৰাজ্যত পুনৰ বাল্য বিবাহ কৰাৰ ঘটনা পোহৰলৈ আহিছে। চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত হাশ্ৰাওবাৰী গাঁৱত সংঘটিত হৈছে বাল্যবিবাহৰ ঘটনা। হাশ্ৰাওবাৰী গাঁৱৰ বাসিন্দা ওৱাজেদ আলীৰ পুত্ৰ মোজামেল আলী (১৯)য়ে এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়া কৰাই ঘৰত আনে।
এই খবৰ বিয়পি পৰাৰ পিছত একাংশ স্থানীয় সচেতন লোকে ওৱাজেদ আলীৰ পুত্ৰৰ বাল্যবিবাহৰ কথা কাজলগাঁও থানাত অৱগত কৰে । খবৰ লাভ কৰি নিশা কাজলগাঁও থানাৰ পৰা আৰক্ষীৰলোকে ওৱাজেদ আলীৰ হাশ্ৰাওবাৰীস্থিত বাসগৃহত উপস্থিত হৈ বাল্যবিবাহৰ সৈতে জড়িত মোজামেল আলীৰ লগতে মুঠ তিনিজনক সোধপোছৰ বাবে আটক কৰি থানালৈ নিয়ে ।
ইপিনে আৰক্ষীৰ অহাৰ খবৰ লাভ কৰি যুৱকজনৰ পিতৃ আৰু বাল্যবিবাহ কৰোৱা অভিভাৱকে পলায়ন কৰে । লক্ষ্যণীয় বিষয় যে, আটকাধীন বাল্যবিবাহ কৰা যুৱকজনে সংবাদ মাধ্যমৰ আগত প্ৰথমে বাল্যবিবাহ কৰাৰ কথা স্বীকাৰ কৰে যদিও কিছুসময়ৰ পাছত অস্বীকাৰ কৰি কিশোৰীগৰাকী তেওঁলোকৰ ঘৰত আলহী খাবলৈ অহা বুলি দাবী কৰে। কাজলগাঁও থানাৰ আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে ।
কেইমাহ মান আগতে অসম আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি নজিৰ বিহীন অভিযান চলাই কেইবা শতাধিক লোকক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰাৰ পিছত বাল্যবিবাহ কৰা আৰু কৰোৱা লোক তথা পৰিয়ালসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।
সামাজিক মাধ্যমত এই বিষয়ত দীৰ্ঘদিন চৰ্চা চলিছিল । ইয়াৰ পিছতে বহুতে অনুমান কৰিছিল যে, এতিয়াৰ পৰা সামাজিক ব্যাধি স্বৰূপ বাল্যবিবাহ বন্ধ হ'ব। কিন্তু কালি নিশা চিৰাঙত পুনৰ বাল্যবিবাহৰ ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সমাজৰ পৰা বাল্যবিবাহৰ প্ৰথা কেতিয়া বন্ধ হ'ব ?
Also Read: প্ৰসংগ জোনমণি ৰাভা : নগাঁৱত ১৩ টা সংগঠনৰ অৱস্থান ধৰ্মঘট...