ওড়িষ্যাত কৰ্মৰত চিৰাঙৰ বি এছ এফ জোৱানৰ মৃত্যু

ওড়িষ্যাত কৰ্মৰত চিৰাঙৰ বি এছ এফ জোৱানৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
ওড়িষ্যাত কৰ্মৰত চিৰাঙৰ বি এছ এফ জোৱানৰ মৃত্যু

ডিজিটেল সংবাদ, চিৰাং : ওড়িষ্যাত কৰ্মৰত চিৰাঙৰ কাকাৰাগাঁৱৰ এজন বি এছ এফ জোৱানৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ নমাই আনিছে । চিৰাং জিলাৰ কাজলগাঁও থানাৰ নীলিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত কাকাৰাগাঁৱৰ বাসিন্দা লজেন সিংহৰ কনিষ্ঠ পুত্ৰ গকুল সিংহ মাত্ৰ ৩৩ বছৰ বয়সত ওড়িষ্যাৰ কোৰাপুট শিবিৰত কৰ্তব্যৰত অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ।

বি এছ এফ পক্ষৰ পৰা পৰিয়ালৰ লোকক জানিবলৈ দিয়া মতে সীমান্ত সুৰক্ষা বাহিনী ১৮০ নং বেটেলিয়ানৰ মুখ্য কাৰ্য্যালয় বৈপাৰীগুৰা পৰা ২মাহ আগত গকুল সিংহই কোৰাপুটস্থিত ছেক্টৰ কাৰ্যালয়ত বিষয়াৰ বাহন চালক হিচাপে যোগদান কৰিছিল । মঙ্গলবাৰে পুৱা ১০ বজাত শিবিৰত হঠাতে বুকুৰ বিষ অনুভৱ কৰে ।

ইয়াৰ পিচতে বি এছ এফ শিবিৰৰ পৰা গকুল সিংহক উন্নত চিকিৎসাৰ বাবে ওচৰৰে অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে । ওড়িষ্যাতে গকুল সিংহৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষা কৰি বৃহস্পতিবাৰে বিমানযোগে চিৰাঙৰ বাসগৃহত প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব।

জানিব পৰা মতে পুৱাৰ ভাগত গুৱাহাটী বিমান বন্দৰৰ পৰা গকুল সিংহৰ নশ্বৰ দেহ কাকাৰাগাঁওস্থিত বাসগৃহ লৈ অনাৰ পিচত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব। উল্লেখ্য যে, তেওঁ ২০১১ চনত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ত যোগদান কৰিছিল।

মৃত্যুৰ সময়ত গকুল সিংহই পিতৃ, পত্নী,৮ বছৰীয়া একমাত্ৰ কন্যা সন্তান আৰু ২ ককায়েক সংসাৰত এৰি থৈ যায় । বি এছ এফত চাকৰি পোৱাৰ আগতে পৰা বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থকা জোৱান গকুল সিংহৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ কাকাৰাগাঁৱত গভীৰ শোকৰ ছাঁ পেলাইছে।

Also Read: ক'ত ব্যস্ত ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মা !

chirang BSF