ডিজিটেল সংবাদ, চিৰাং : সমগ্ৰ দেশৰ লগতে মঙলবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে "ৰান ফৰ ইউনিটি" কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। উল্লেখ্য যে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন ৩১ অক্টোবৰ দিনা "একতাৰ দৌৰ" কাৰ্য্যসূচী ৰূপায়ন কৰা হয় যদিও এইবেলি দীপাৱলী উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনটোৰ পৰিৱৰ্তে ২৯ অক্টোবৰ দিনাই আয়োজন কৰা হয় এই দিৱস।
কাজলগাঁৱৰ এই "একতা দৌৰ" কাৰ্য্যসূচীত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা শতাধিক ছাত্ৰ ছাত্ৰী, আৰক্ষী বাহিনীৰ জোৱান, এছ এছ বি জোৱান আৰু খেলুৱৈসকলে অংশগ্ৰহণ কৰে । আজি কাজলগাঁৱৰ "ৰান ফৰ ইউনিটি" কাৰ্য্যসূচীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাই ।
আধুনিক ভাৰতবৰ্ষৰ ৰূপকাৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে আয়োজিত "একতাৰ দৌৰ" কাৰ্য্যসূচীত উপস্থিত থাকে অতিৰিক্ত আয়ুক্ত অৰূপ কুমাৰ চৌধুৰী, ফিৰদৌস আলম, আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গ, অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ ৰশ্মিৰেখা শৰ্মা, সহকাৰী আয়ুক্ত, জিলা ক্ৰীড়া বিষয়া আদি কৰি অন্যান্য চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী।
একেদৰে আমিনগাঁৱতো ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। সমাগত দীপাৱলী উপলক্ষে কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত আজিয়েই পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস।
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু কামৰূপ আৰক্ষী প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা হয় এই একতাৰ দৌৰ কাৰ্যসূচী। কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ইকো পাৰ্কলৈ উলিওৱা এই একতাৰ দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী।
উল্লেখযোগ্য যে ৩১ অক্টোবৰতো বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি কামৰূপ জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
Also Read: কাজিৰঙাত কালী পূজাৰ আয়োজন : ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পীৰ