ডিজিটেল সংবাদ, চিৰাং : আজি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে জাতীয় একতা দিৱস উদযাপন কৰা হয় । অসমতো প্ৰতিখন জিলাৰ লগতে চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ক্ৰীড়া বিভাগৰ সহযোগত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈ একতাৰ দৌৰ অনুষ্ঠিত কৰে ।
কিন্তু আজিৰ চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা একতা দিৱসৰ কাৰ্য্যসূচীত জিলা উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীৰ অনুপস্থিতিক লৈ এক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । কাৰণ আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ কথা আছিল উপায়ুক্ত গৰাকী।
প্ৰায় দেৰ ঘন্টা সময় উকলি যোৱাৰ পিছতো উপায়ুক্ত গৰাকী অনুষ্ঠানত উপস্থিত নোহোৱাত অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক সকলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা দিয়ে। কাৰণ ৰাতিপুৱা ৭ বজাৰ আগতে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানৰ কণ কণ ছাত্ৰ ছাত্ৰী আহি কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আহি উপস্থিত হৈছিল।
ৰাতিপুৱাৰ পৰা ভোকে পিয়াহত অপেক্ষাৰত কণ কণ ছাত্ৰ ছাত্ৰীৰ অৱস্থা দেখি অভিভাৱক ক্ষোভিত হৈ পৰে । ৰাষ্ট্ৰজুৰি পালন হৈ থকা এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানত জিলাখনৰ মুৰব্বী বিষয়া জনে নিদিষ্ট সময়ত উপস্থিত হ'ব নোৱাৰাতো উপস্থিত ৰাইজে সহজ ভাবে মানি ল'ব পৰা নাছিল ।
পিছত উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীৰ অনুপস্থিতিতে অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে পতাকা জোকাৰি জাতীয় একতা দিৱস দৌৰৰ শুভাৰম্ভ কৰে । ইপিনে চিৰাং জিলাৰ কাজলগাঁও স্থিত এচএচবিৰ ১৫ নং বেটেলিয়ানৰ মুখ্য কাৰ্য্যালয়ত পৰা ৰাতিপুৱাৰ ভাগত একতাৰ দৌৰ অনুষ্ঠিত হয় ।
বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ উপৰি সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰা এই একতাৰ দৌৰত উপস্থিত থাকি পতাকা জোকাৰি শুভাৰম্ভ কৰে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, এচএচবিৰ কমাণ্ডেন্ট নীৰজ চৌহানে ।