ডিজিটেল সংবাদ, চিৰাংঃ এগৰাকী নাবালিকা অপহৰণ কৰা গোচৰৰ আচামী পক্ষৰ পৰিয়াক ব্লেকমেইলিং কৰি ধনদাবী কৰাৰ অভিযোগত চিৰাঙৰ কাজলগাঁৱত আৰক্ষীয়ে আটক দুই ভুৱা সাংবাদিক। আটকাধীন ভুৱা সাংবাদিক দুজন ক্ৰমে কাজলগাঁৱৰ বৰতালোৱাৰ ছফিউৰ ৰহমান মণ্ডল (৩২) আৰু ৰফিকুল ইছলাম (২৬) ।
অভিযোগ অনুসৰি যোৱা শনিবাৰ দিনা এজনী ষোল্ল বছৰীয়া কিশোৰীক অপহৰণ কৰাৰ অভিযোগত কাজলগাঁও থানাৰ আৰক্ষীয়ে আটক কৰিছিল প্ৰেমিকৰূপী ২৩ বছৰীয়া হাৰানুৰ ইছলাম নামৰ যুৱক এজনক।আটকাধীন প্ৰেমিকৰূপী যুৱক জনক গোচৰৰ পৰা ৰেহাই দিয়াৰ নামত যুৱক জনৰ পৰিয়ালৰ পৰা চাৰি লাখ টকা দাবী কৰি মানসিক হাৰাশাস্তি কৰি আছিল এই ভুৱা সাংবাদিক দুজনে।
ভুৱা সাংবাদিক দুজনৰ ব্লেকমেইলিং আৰু মানসিক হাৰাশাস্তিৰ চিকাৰ হোৱা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালটোৱে কালি উপায়ন্তৰ হৈ চিৰাঙৰ আৰক্ষী অধীক্ষকক মৌখিক ভাবে অভিযোগ কৰিছিল। তাৰ পিছত চিৰাং আৰক্ষীয়ে সমগ্ৰ বিষয়টোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰে । আজি ব্লেকমেইলিঙৰ চিকাৰ হোৱা ভুক্তভোগী পৰিয়ালৰ লোকে কাজলগাঁও থানাত ভুৱা সাংবাদিক দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
উক্ত এজাহাৰৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীয়ে আজি নিশা বৰতালোৱা আৰু নিলীবাৰী গাঁৱত অভিযান চলাই ভুৱা সাংবাদিক ক্ৰমে ছফিউৰ ৰহমান মণ্ডল আৰু ৰফিকুল ইছলামক আটক কৰে ।উল্লেখ্য যে আটকাধীন দুই ভুৱা সাংবাদিকৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা কাজলগাঁও, বৰতালোৱা, ঢালিগাঁও অঞ্চলৰ বহুলোকক বাতৰি পৰিবেশন কৰাৰ নামত বিভিন্ন ধৰনে ব্লেকমেইলিং কৰি টকা উপাৰ্জন কৰাৰ অভিযোগত আছিল।
সংবাদ মাধ্যমৰ দৰে এটা পবিত্ৰ বৃত্তিক কলুষিত কৰা এই দুজন ভুৱা সাংবাদিকৰ বাবে মুখ্য ধাৰাৰ সংবাদ মাধ্যমৰ লোক সকলেও জনমানসত বদনাম হৈ আছিলে। আজি আটকাধীন ভুৱা সাংবাদিক দুজনৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সকলক উদ্দেশ্যি নানা ধৰণৰ কটু মন্তব্য কৰে ছফিউৰ ৰহমান মণ্ডল নামৰ ভুৱা সাংবাদিক জনে । আনপিনে কাজলগাঁও থানাৰ আৰক্ষীয়ে অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা প্ৰেমিকৰূপী যুৱক হাৰানুৰ ইছলামক সোমবাৰে কাজলগাঁও আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।