চিৰাঙত অঘটনঃ জোঁৱায়েকৰ আক্ৰমণত নিহত শহুৰ...

চিৰাঙত অঘটনঃ  জোঁৱায়েকৰ আক্ৰমণত নিহত শহুৰ...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁৱৰ বৰতালোৱাত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। জোঁৱায়েকৰ আক্ৰমণত মৃত্যু হয় শহুৰেকৰ । জানিব পৰা মতে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাণী গাঁৱৰ বাসিন্দা তথা জোঁৱায়েক জামালুদ্দিন শ্বেখ এজন সতীৰ্থৰ সৈতে ঢালিগাঁৱৰ বৰতালোৱা স্থিত শহুৰেক আশ্ৰাব আলীৰ বাসগৃহত আহি প্ৰথমে শহুৰেকৰ সৈতে কাজিয়াত লিপ্ত হয় তাৰ পিছত লোৰ ৰ'ড আৰু লাঠিৰে উপুৰ্যুপৰি আক্ৰমণ কৰে শহুৰেক আশ্ৰাব আলীক ।

জোঁৱায়েকৰ নিৰ্মম প্ৰহাৰত তেজেৰে লুতুৰি পুতুৰি হৈ মজিয়াত ঢলি পৰে । মুমূৰ্ষ অবস্থাত পেলাই থৈ সতীৰ্থ সহ জোঁৱায়েক জামালুদ্দিন শ্বেখে মটৰচাইকেলেৰে পলায়ন কৰে । পিছত ওচৰ চুবুৰীয়াৰ সহযোগত মুমূৰ্ষ অবস্থাত শহুৰেক আশ্ৰাব আলীক বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও কৰ্তব্যৰত চিকিৎসকে আশ্ৰাব আলীক মৃত বুলি ঘোষণা কৰে ।

আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত আশ্ৰাব আলীৰ মৃতদেহ ঢালিগাঁৱৰ বৰতালোৱাত লৈ অহাৰ পিছত এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় লোক সকলে হত্যাকাৰী জোৱাই তথা বঙাইগাঁও জিলাৰ ভাণ্ডাৰাণীৰ বাসিন্দা জামালুদ্দিন শ্বেখ লগতে তেওঁৰ সহযোগীক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে । উল্লেখ্য যে কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁৱৰ বৰতালোৱাৰ বাসিন্দা আশ্ৰাৱ আলীয়ে চাৰিবছৰ পূৰ্বে নিজৰ দ্বিতীয় কন্যা বঙাইগাঁও জিলাৰ ভাণ্ডাৰাণী গাঁৱৰ জামালুদ্দিন শ্বেখৰ সৈতে বিয়া দিছিল ।

বিয়াৰ পিছৰে পৰাই জামালুদ্দিন শ্বেখ আৰু তেওঁৰ পৰিয়ালৰ লোকে আশ্ৰাৱ আলীৰ কন্যাক যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক ভাৱে অত্যাচাৰ কৰিছিল। স্বামী গৃহৰ অত্যাচাৰ সহিব নোৱাৰি যোৱা এবছৰ ধৰি পিতৃ গৃহত ঘূৰি আহিছিল । তাৰ পিছতো জামালুদ্দিন শ্বেখে প্ৰায়ে শহুৰেকৰ ঘৰত আহি পত্নী আৰু শহুৰেকক বিভিন্ন ধৰনে ভয় ভাৱুকি প্ৰদান কৰি অশান্তি সৃষ্টি কৰিছিল ।

বুধবাৰ অৰ্থ্যাৎ কালি সন্ধিয়া ৬ বজাৰ পিছত এজন সতীৰ্থ সহ জোঁৱায়েক জামালুদ্দিন শ্বেখ শহুৰেকৰ ঘৰত উপস্থিত হৈ এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰি পলায়ন কৰে । কাজলগাঁও থানাৰ আৰক্ষীয়ে হত্যাকাণ্ডৰ সংঘটিত কৰা অভিযুক্ত জামালুদ্দিন শ্বেখ আৰু তেওঁৰ সতীৰ্থ জনক বিচাৰি অভিযান আৰম্ভ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in