সাত দফীয়া দাবী লৈ চিৰাঙৰ কাজলগাঁৱত আমছুৰ ধর্মঘট…

সাত দফীয়া দাবী লৈ চিৰাঙৰ কাজলগাঁৱত আমছুৰ ধর্মঘট…

author-image
asomiyapratidin
New Update
সাত দফীয়া দাবী লৈ চিৰাঙৰ কাজলগাঁৱত আমছুৰ  ধর্মঘট…

ডিজিটেল সংবাদ, চিৰাং : সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলা কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে জিলা আমছুৰ সদস্য সকলে দুই ঘন্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী পালন কৰে। মূল্যবৃদ্ধিৰ লগতে বিভিন্ন সমস্যাৰ বিৰুদ্ধে সাৱ্যস্ত কৰে প্ৰতিবাদ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে কয় যে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ দৰে জলন্ত সমস্যাৰ পৰা ৰাইজৰ দৃষ্টি আতৰাই অইন দিশে লৈ যাবলৈ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰতি ৰাজ্যখনত সাম্প্ৰদায়িক আৰু ধৰ্মৰ ৰাজনীতি আৰম্ভ কৰি আছে।

ছাত্র – ছাত্রী অনুপাতে শিক্ষক নিযুক্তি প্রদান কৰা, বিদ্যালয় সমূহত শিক্ষক বদলিকৰণৰ আগত সেই স্থানত শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰা, জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান কৰা, অস্বাভাৱিক মূল্য বৃদ্ধি প্ৰতিৰোধ কৰা আদি কৰি মুঠ সাত দফীয়া দাবী লৈ কাজলগাঁৱত ৰূপায়ন কৰা অৱস্থান ধর্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ দৰে জলন্ত সমস্যাৰ পৰা ৰাইজক বিপথে পৰিচালিত কৰিবলৈ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক আৰু ধৰ্মৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি গুৰুতৰ অভিযোগ কৰে ।

তদুপৰি শিক্ষাৰ ক্ষেত্ৰত শিক্ষক নিযুক্তি, জনসংখ্যাৰ অনুপাতে নতুন চাকৰি নিযুক্তি, উচ্ছেদিত ভূমিহীন লোকক পুনঃসস্থাপন কৰাৰ দৰে আমছুৰ দাবী সমুহ যদি চৰকাৰে পূৰণ নকৰে তেনেহ'লে অনাগত দিনত আমছুয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ আৰু অসম বন্ধৰ দৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সকিয়াই দিয়ে আমছুৰ কেন্দ্ৰীয় সভাপতি জনে ।

চিৰাং জিলা আমছুৰ উদ্যোগত আয়োজিত আজিৰ এই অবস্থান ধর্মঘট কাৰ্যসূচীত জিলাখনৰ বিভিন্ন এলেকাৰ পৰা শতাধিক আমছু সদস্যই অংশগ্ৰহণ কৰে । প্ৰতিবাদী ছাত্ৰ সকলে সংগঠনটোৰ বিভিন্ন দাবী সম্বলিত শ্লোগানেৰে অবস্থান ধৰ্মঘট স্থলী উত্তাল কৰি তোলে ।

ছাত্র – ছাত্রী অনুপাতে শিক্ষক নিযুক্তি প্রদান কৰা, বিদ্যালয় সমূহত শিক্ষক বদলিকৰণৰ আগত সেই স্থানত শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰা, জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান কৰা, অস্বাভাৱিক মূল্য বৃদ্ধি প্ৰতিৰোধ কৰা, ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰাৰ লগতে উচ্ছেদিত লোকক পুনৰ সংস্থাপন কৰা, বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিক সকলৰ সুৰক্ষা সুনিশ্চিত কৰা আৰু শেষতীয়াকৈ অৰুণাচল প্ৰদেশত মৃত্যু বৰণ কৰা শ্রমিক সকলক এককালীন ৫ লাখ টকাকৈ সাহায্য প্রদান কৰা তথা নিখোজ হৈ থকা শ্রমিক সকলৰ সন্ধানৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰাৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে আজি চিৰাং জিলা আমছুয়ে দুই ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

আৰু পঢ়ক: ৭ জনহে অসমীয়া আই এ এছ! মানুহ কিন্তু আমি ৩ কোটি

assam protest aamsu