ব্যক্তিগত বাহনেৰে ভাড়া মাৰিবলৈ গৈ বিপদত চিৰাঙৰ এজন যুৱক...

চালকক পিষ্টল দেখুৱাই বুজন পৰিমাণৰ ধন দাবী কৰাৰ লগতে ভাড়া কৰা গাড়ীখন লৈ পলায়ন কৰাৰ ঘটনা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
ব্যক্তিগত বাহনেৰে ভাড়া মাৰিবলৈ গৈ বিপদত চিৰাঙৰ এজন যুৱক...

chirang robbery incident

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনীখাতা থানাৰ বেংতল আৰক্ষী চকীৰ অন্তৰ্গত অন্ঠাইবাৰী গাঁৱৰ বাসিন্দা মোঃ কাছিমুদ্দিন আলীৰ পুত্ৰ ছানিদুল আলীয়ে দেওবাৰে গাড়ী ভাড়া মাৰিবলৈ গৈছিল।

গাড়ীখন ভাড়াত লৈছিল চাৰিজনীয়া এটা দলে। চালক ৰূপে যোৱা ছানিদুল আলীক সেই চাৰিজনীয়া দুষ্কৃতিকাৰীৰ দলে চিৰাঙৰ পৰা অপহৰণ কৰি কোকৰাঝাৰ চহৰৰ সমীপৰ বাওখুংগ্ৰী জংঘলত বান্ধি ৰাখি পিষ্টল দেখুৱাই বুজন পৰিমাণৰ ধন দাবী কৰাৰ লগতে ভাড়া কৰা গাড়ীখন লৈ পলায়ন কৰাৰ ঘটনা পোহৰলৈ আহিছে।

সৌভাগ্য ক্ৰমে এন্ধাৰ আৰু দুষ্কৃতিকাৰীৰ অমনোযোগিতাৰ সুযোগ গ্ৰহণ কৰি নিজকে সেই দলটোৰ কৱলৰ পৰা মুক্ত কৰি কোকৰাঝাৰ চহৰৰ বড়ো নলবাৰী গাঁৱৰ বড়ো জনগোষ্ঠীৰ এঘৰ লোকৰ ঘৰত আশ্ৰয় লৈ ঘৰত ফোন কৰাত পিতৃয়ে চিৰাং আৰক্ষীৰ লগত যোগাযোগ কৰে আৰু নিশাৰ ভিতৰতে চিৰাং আৰক্ষীয়ে কোকৰাঝাৰ জিলা আৰক্ষীৰ সহযোগত পুত্ৰ ছানিদুল আলীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ছানিদুলে সোমবাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে দেওবাৰে দুপৰীয়াৰ ভাগত বেংতল বজাৰত থকা নিজৰ মটৰচাইকেল গেৰেজত কাম কৰি থকা সময়তে গাড়ী ভাড়া আছে বুলি ফোন কৰাত ছানিদুলে নিজৰ এ.এচ ১৬ জি ৫৪৯৫ পঞ্জীয়ন নম্বৰ ছুইফ্ট ডিজায়াৰ বাহনখন লৈ জিলা সদৰ কাজলগাঁৱলৈ আহে ।

ভাড়া বন্দবস্ত হোৱাৰ পিছতে চাৰিজনীয়া যুৱকৰ দলে প্ৰথমতে বিজনী লৈ যায়। তাৰ পিছত বিয়লি ৫ বজাত বিজনীৰ পৰা আকৌ কোকৰাঝাৰৰ সমীপৰ বাউখুংগ্ৰী জংঘলৰ ফালে গাড়ীখন লৈ যায় । নিশা বাউখুংগ্ৰীত গৈ আৰু তিনিজন দুষ্কৃতিকাৰীৰ সৈতে মিলি চালক ছানিদুলক হাত ভৰি বান্ধি মাৰপিট কৰাৰ লগতে পিষ্টল দেখুৱাই ৩০ লাখ টকা দাবী কৰে ।

পিছত দুষ্কৃতিকাৰীৰ দলে ছানিদুলৰ লগত থকা নগদ ধন, মোবাইল, গাড়ী কাঢ়ি লৈ যায় । সৌভাগ্য ক্ৰমে এন্ধাৰৰ সুযোগ লৈ ছানিদুল আলী দুষ্কৃতিকাৰীৰ কৱলৰ পৰা নিজকে মুক্ত কৰি পলায়ন কৰিবলৈ সক্ষম হয় ।

এই সন্দৰ্ভত ছানিদুল আলীৰ পিতৃয়ে বেংতল আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । চিৰাং আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে ।

assam chirang chirang police