ডিজিটেল সংবাদ, চিৰাং : মঙলবাৰ দিনৰ ভাগত বাসুগাঁও চহৰৰ মেইন ৰোডত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। জনৈক গোবিন্দ দেৱনাথৰ লক্ষ্মীনাৰায়ণ জুয়েলাৰীৰ পৰা কৌশলপূৰ্ণ ভাৱে গহনা আৰু ধনৰ টোপোলা লৈ বাছেৰে কোকৰাঝাৰ অভিমুখে পলায়ন কৰাৰ সময়তে ৰাইজে খেদি খেদি গৈ কৰায়ত্ব কৰে দুই চিলনী চোৰক ।
চিলনীৰ চোৰ দুজনৰ পৰা গহনাৰ টোপোলা উদ্ধাৰ কৰে যদিও ধনৰ টোপোলা লৈ পলায়ন কৰিবলৈ সক্ষম অন্য দুই চিলনী চোৰ । ৰাইজৰ উপৰ্যুপৰি গণপ্ৰহাৰত লেবেজান হৈ পৰা দুই চিলনী চোৰক বাসুগাঁও থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত লৈ যায় । ধৃত দুই চিলনী চোৰৰ মাজত এজনক ছাহিল বুলি চিনাক্ত কৰা হৈছে । চাৰিজনীয়া চিলনী চোৰৰ ঘৰ বিহাৰত ।
লক্ষ্মীনাৰায়ণ জুয়লাৰীৰ স্বত্বাধিকাৰী গোবিন্দ দেৱনাথে সদৰি কৰা মতে দোকানৰ পানী আনিবলৈ যোৱাৰ সময়তে দোকানৰ ভিতৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চিলনী চোৰৰ দলে এই লুন্ঠন কাৰ্য কৰে । ইপিনে ওচৰৰ প্ৰত্যক্ষদৰ্শী ব্যবসায়ী এজনে জানিবলৈ দিয়া মতে প্ৰায় এঘন্টা ধৰি ধৃত বগা চাৰ্ট পিন্ধনত চিলনী চোৰ জনে উক্ত এলেকাত ঘূৰি ফুৰি আছিল। তেওঁৰ লগত সন্দেহজনক অৱস্থাত আৰু তিনিজন যুৱকক কথা পাতি থকা দেখিবলৈ পাইছিল । সেই সন্দেহৰ ভিত্তিত খেদি খেদি গৈ কোকৰাঝাৰ অভিমুখে গৈ থকা বাছৰ পৰা চোৰ দুটাক কৰায়ত্ব কৰে ।
Also Read: কাম কৰি থকাৰ সময়ত পানীৰ টেংকীত পৰি মত্যু ২ শ্ৰমিকৰ