ডিজিটেল সেৱা, চিৰাং : চিৰাঙৰ বাসুগাঁও পৌৰসভা এলেকাত জলজীৱন মিচনৰ সৌৰশক্তি দ্বাৰা সঞ্চালিত খোৱাপানী আচঁনিৰ নিৰ্মাণ কাৰ্যত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । বাসুগাঁও পৌৰসভা এলেকাত মুঠ চাৰিখন ঠাইত এই জলজীৱন মিচনৰ এই খোৱাপানীৰ আচঁনি ৰূপায়ন কৰি থকা হৈছে ।
তাৰে ২৪৮ নং বাসুগাঁও টাউন জেবি স্কুল, বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাসুগাঁও সাপ্তাহিক বজাৰ আৰু পৌৰসভা কাৰ্যলয়ৰ সন্মুখত নিৰ্মাণ হৈ থকা জলজীৱন মিচনৰ সৌৰশক্তি দ্বাৰা চালিত খোৱাপানী আচঁনিৰ নিৰ্মাণ কাৰ্যত অতি নিম্ন মানদণ্ডৰ ইটা আৰু চিমেন্ট ব্যবহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে গোসাইগাঁও চহৰ ঠিকাদাৰ গৌতম দে জোৱাদ্দাৰৰ বিৰুদ্ধে।
ভাৰত চৰকাৰৰ আৰবান ডেভেলপমেন্ট প্ৰকল্পৰ অধীনত বিটিচি প্ৰশাসন ফালৰ পৰা বিটিআৰৰ প্ৰতিটো পৌৰসভা আৰু নগৰ সমিতি এলেকাত জলজীৱন মিচনৰ সৌৰশক্তি দ্বাৰা চালিত খোৱাপানী আচঁনি ৰূপায়ন কৰি থকা হৈছে। তাৰে বাসুগাঁও পৌৰসভা এলেকাৰ আচঁনি সমূহ নিৰ্মাণ কাৰ্য্যত ব্যৱহৃত নিম্ন মানদণ্ডৰ ইটা ব্যবহাৰ কৰাৰ অভিযোগ ৰাইজে উত্থাপিত হৈছে ।
বাসুগাঁও পৌৰসভাৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে নিৰ্মাণ হৈ থকা আচঁনিত অনিয়ম হৈ থকা দেখি স্থানীয় লোকে অভিযোগ কৰাত পৌৰপতি সাধন চন্দ্ৰ মণ্ডলে বাধ্য হৈ হস্তক্ষেপ কৰাত ঠিকাদাৰে নিম্ন মানদণ্ডৰ ইটা সলনি কৰিব লগা হৈছিল। চৰকাৰী নিয়ম অনুযায়ী নিৰ্মাণ কাৰ্যত ব্যৱহৃত হ'ব লাগে অপিচি গ্ৰেডৰ চিমেন্ট। কিন্তু বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্য্যবাহী সদস্য উইলছন হাছদাৰ অতিকৈ ঘনিষ্ঠ বুলি পৰিচিত গোসাইগাঁৱৰ গৌতম দে জোৱাদ্দাৰ নামৰ ঠিকাদাৰ জনে চৰকাৰী নীতি নিয়ম ধোঁৱাচাঙত তুলি কোনো ধৰনৰ গ্ৰেড নথকা অতিকৈ নিম্ন মানদণ্ডৰ পিপিচি চিমেণ্টৰে নিৰ্মাণ কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে ।
লক্ষ্যনীয় বিষয় যে ব্যবহাৰ কৰি থকা চিমেণ্টৰ পেকেটত উল্লেখ নাই কোনো উৎপাদনৰ তাৰিখ, নাই বেটচ্ নম্বৰ, নাই নিৰ্ধাৰিত মূল্য । নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা বাসুগাঁও পৌৰসভাৰ কণিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে সকলো দেখিও নেদেখাৰ ভাও জুৰা অভিযোগ উত্থাপিত হৈছে । যিহেতু বাসুগাঁও চহৰত নিৰ্মাণ হৈ থকা অধিকাংশ আচঁনি শিক্ষানুষ্ঠানৰ সমীপত হোৱা হেতুকেই খোৱাপানী সংগ্ৰহ কৰিবলৈ কণ কণ ছাত্ৰ ছাত্ৰীয়ে অহাযোৱা কৰিব তেনেক্ষেত্ৰত নিৰ্মাণ কাৰ্যত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাটো বিষয়টো বাসুগাঁও চহৰৰ সচেতন মহলে সহজ ভাৱে মানি ল'ব পৰা নাই ।
ইপিনে বিভাগীয় কাৰ্যবাহী সদস্যৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদতেই বাসুগাঁও পৌৰসভাৰ সভাপতিৰ পৰা আৰম্ভ কৰি অন্যান্য সকলেও দুৰ্নীতি সংঘটিত হোৱা দেখিও নেদেখাৰ ভাও জুৰি থকাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্প জলজীৱন আচঁনি ৰূপায়ন কৰাৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰ সকলক নাকি লগাবলৈ চৰকাৰলৈ আহ্বান জনায় ৰাইজে ।
Also Read: ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিব পাৰে চন্দ্ৰযান-৩ য়ে...