ডিজিটেল সংবাদ, চিৰাং : বুধবাৰে পুৱতি নিশা চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ এটা দলে অভিযান চলায়। এই অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ কঢ়িয়াই নিয়া দুখন টাটা মোবাইল বাহন সহ এজন কুখ্যাত চোৰাং কাঠ সৰবৰাহকাৰী আটক কৰে ।
কুখ্যাত চোৰাং কাঠ সৰবৰাহকাৰী জনৰ নাম মিজিং বসুমতাৰী । অভিযানকাৰী বন বিভাগৰ দলে মিজিং বসুমতাৰীৰ পৰা তেওঁ ব্যৱহৃত এ এচ ১৯ পি ২৭৫৪ এখন চাৰিচকীয়া বাহন জব্দ কৰে । উল্লেখ্য যে যোৱা জুলাই মাহত ৰুণীখাতাৰ শান্তিপুৰত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা বনসুৰক্ষা কৰ্মী বাহন আৰু শিৱিৰত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল।
এই আক্ৰমণ কৰাৰ ঘটনাত আটকাধীন মিজিং বসুমতাৰীৰ নেতৃত্বতে সংঘটিত হৈছিল বুলি চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে সদৰি কৰে । আটকাধীন মিজিং বসুমতাৰীৰ পৰা অধিক তথ্য উলিয়াবলৈ বনবিভাগৰ লোকে তাক সোধপোচ অব্যাহত ৰাখিছে । জব্দ কৰা চোৰাং কাঠ খিনিৰ বজাৰ মূল্য কেইবা লাখ টকা হব বুলি অনুমান কৰা হৈছে ।
আৰু পঢ়ক: কবিতা/২২ এতে ব্যেলেগ একো নাই, নোদীটুৰ লগতে পথাৰ গেলা আছে