ডিজিটেল সংবাদ,চিৰাং : বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সতীৰ্থ আক্ৰমণত চিৰাঙৰ এজন শ্ৰমিকৰ মৃত্যু হয়। শ্ৰমিকজনৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ ৰাজধানী বাঙ্গালুৰুৰ ভেলেন্ডুৰ গেট নামৰ এলেকাত ।
জানিব পৰামতে, সতীৰ্থৰ আক্ৰমণত নিহত শ্ৰমিকজন বাসুগাঁও চহৰৰ সমীপৰ বিজয়গাঁৱৰ বাসিন্দা অবিনাশ বৰ্মন (৪৫) বুলি চিনাক্ত কৰা হৈছে । বাঙ্গালুৰুৰ বিল্ডিঙৰ কাম কৰি থকা এলেকাত বিজয়গাঁৱৰে আন এজন সতীৰ্থ শ্ৰমিক সুকোমল বৰ্মন (৩৫) আৰু অবিনাশ বৰ্মনৰ মাজত কাজিয়া হৈছিল আৰু এটা সময়ত সুকোমল বৰ্মনে কাঠৰ টুকুৰাৰে অবিনাশ বৰ্মনক আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হৈছিল ।
ইয়াৰ পিচতে অবিনাশক চিকিৎসালয়ত লৈ যোৱা হয় যদিও অস্ত্ৰপ্ৰচাৰ কৰাৰ সময়তে মৃত্যুক সাৱতি লয় । ইপিনে বাঙ্গালুৰুৰ আৰক্ষীয়ে আক্ৰমণকাৰী সুকোমল বৰ্মনক গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে ।
জীবিকাৰ সন্ধানত বহিঃৰাজ্যত গৈ একেখন গাঁৱৰে ২ শ্ৰমিকৰ মাজত কাজিয়া - মাৰপিট আৰু এজন শ্ৰমিকৰ কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ বিজয়গাঁও এলেকাত শোকৰ ছাঁ পেলাইছে ।
উল্লেখ্য যে, ৩মাহ পূৰ্বেই কোকৰাঝাৰ জিলাৰ নয়াছৰাৰ ঠিকাদাৰ খৰ্গেশ্বৰ বৰ্মন ওৰফে বাদশ্বাহৰ নেতৃত্বত এটা শ্ৰমিকৰ দল বাঙ্গালুৰুত কাম কৰিবলৈ গৈছিল । মৃত্যুৰ খবৰ লাভ কৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত বিমানযোগে অবিনাশ বৰ্মনৰ পত্নী বাঙ্গালুৰুত উপস্থিত হয় ।
পৰিয়ালৰ লোকৰ দাবী হত্যাকাণ্ড সংঘটিত কৰা সুকোমল বৰ্মনৰ উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে অবিনাশ বৰ্মনৰ মৃতদেহ অসম লৈ অনাৰ ব্যৱস্থা কৰিব লাগে । মৃত্যুৰ সময়ত প্ৰয়াত অবিনাশ বৰ্মনে একমাত্ৰ কন্যা, পত্নী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলক এৰি থৈ যায় ।
Also Read: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে সাগৰ সেতু অধীনৰ 'বন্দৰ স্বাস্থ্য সংস্থা'এপ