-
জোনমণি কাণ্ডৰ সন্দৰ্ভত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক পুনৰ জেৰা চি আই ডিৰ।
-
মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা দুই চিকিৎসক ডা০ গোপাল ৰয় আৰু ডা০ জোনেটকো চি আই ডিয়ে সোধ-পোচ কৰিছে।
-
চি আই ডিৰ অধীক্ষকৰ নেতৃত্বত কৰা হৈছে জেৰা।
-
নগাঁৱলৈ গুৱাহাটীৰ পৰা ৰাওনা হৈছে চি আই ডিৰ উচ্চ পৰ্যায়ৰ আন এটা দল।
-
কিছুসময় পাছতেই নগাঁৱত উপস্থিত হ'ব চি আই ডিৰ দলটো।
-
নিশা জখলাবন্ধাৰ দুৰ্ঘটনাস্থলীত প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসক লৈ গৈ আৰক্ষীয়ে চলালে তদন্ত।
Also Read: জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত উচিত তদন্ত বিচাৰি CBI ক দায়িত্ব দিবলৈ আহ্বান যুৱ সাংবাদিক সন্থা ,অসমৰ