ডিজিটেল ডেস্ক: ছেম ষ্টেফৰ্ড সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্রতিবেদন নাকচ কৰে আদালতে। হাতীগাঁও থানাই আদালতত দাখিল কৰিছিল তদন্ত প্রতিবেদন ।
জানিব পৰা মতে প্রতিবেদনত ছেম ষ্টেফৰ্ডৰ অকাল মৃত্যুৰ প্রসংগ উল্লেখ নাছিল । কাকো দোষাৰোপ নকৰি হাতীগাঁও আৰক্ষীয়ে দাখিল কৰিছিল চূড়ান্ত প্রতিবেদন।
প্রতিবেদন নাকচ কৰি CJM আদালতে ৰুজু কৰে নিজাববীয়া গোচৰ। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক পক্ষ কৰি ৪৩৩৯/২২ নম্বৰত গোচৰ ৰুজু আদালতৰ। IPC ৩২৬ আৰু ৩০২ ধাৰাত আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু আদালতৰ ।
ঘটনা সন্দৰ্ভত ১৩ আগষ্টত হ'ব গোচৰটোৰ পৰৱৰ্তী শুনানি। উল্লেখ্য যে, কা- আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত নিহত হৈছিল ছেম ষ্টেফৰ্ড।