অসম-অৰুণাচল সীমান্তত পথ নিৰ্মাণক লৈ সংঘাত

অসম-অৰুণাচল সীমান্তত পথ নিৰ্মাণক লৈ সংঘাত
Published on
Updated on

ডিজিটেল সংবাদ,বিহালীঃ বিহালীৰ অসম অৰুণাচল সীমান্তৰ সদ্যঘোষিত বিহালী অভয়াৰণ্যখনৰ বিঅ'পি(BOP) কেম্পলৈ যাতায়ত সুচল কৰাৰ লক্ষ্যৰে পূব শোণিতপুৰ বন সংমণ্ডলৰ বন বিভাগে এক পথ নিৰ্মাণ কৰাক লৈ সৃষ্টি হৈছে সংঘাত। প্ৰাপ্ত তথ্যমতে,বিহালী অভয়াৰণ্যৰ দিকাল বি অ পি কেম্পৰ পৰা ৰাধাচু বি অ পি কেম্পলৈকে পূব শোণিতপুৰ বন সংমণ্ডলৰ বন বিভাগে এক পথ নিৰ্মাণ কৰি আছে ৷

বিহালী অভয়াৰণ্যখনত পথ নিৰ্মাণ কৰাক লৈ যোৱা ১৫ তাৰিখে অৰুণাচল প্ৰশাসনৰ একাংশ আৰক্ষী বিষয়া, ৰাজহ বিষয়াই আহি পথ মেৰামতিত বাধা আৰোপ কৰে । অৰুণাচল চৰকাৰ প্ৰশাসনৰ বাধাক আওকাণ কৰি বন বিভাগে পথ মেৰামতিৰ কাম অব্যাহত ৰাখে যদিও অৰুণাচলৰ একাংশ দল সংগঠনৰ নেতা কৰ্মীয়ে পথ মেৰামতিত ব্যৱহৃত দুখনকৈ ট্ৰেক্টৰ দিন দুপৰতে ডকাইটি কাইডাৰে কাঢ়ি লৈ গুচি যায়।

অতি লজ্জাজনক বিষয়টো হ'ল- ঘটনা সন্দৰ্ভত অসম চৰকাৰে তথা বিশ্বনাথ জিলা প্ৰশাসনে কোনো ধৰণৰ কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । বৰং সম্পূৰ্ণ আত্মসমৰ্পনকাৰী মানসিকতাৰে সমস্ত ঘটনাটো গাপ দি ১৯ তাৰিখে বন বিভাগ আৰু স্থানীয় আৰক্ষী প্ৰশাসনে অৰুণাচলী ছাত্ৰ সংগঠনে কাঢ়ি লৈ যোৱা ট্ৰেক্টৰ দুখন অনুনয় - বিননয় কৰি কোনোমতে জব্দকৃত টেক্টৰ দুখন উদ্ধাৰ কৰি আনে বুলি জানিব পৰা গৈছে ।

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল, অতি দুৰ্বল, আত্মসমৰ্পনকাৰী, ক্ষমতাহীন বন বিভাগ চৰকাৰে নিজৰ ভূমিত অৰুণাচলীৰ হুমকি আৰু দাবীত ভিক্ষা খোজাৰ দৰে ট্ৰেক্টৰ দুখন খুজি আনি নিজৰ নাক বচাবলৈ চেষ্টা চলোৱা বিষয়টো সহজভাৱে ল'ব পৰা নাই বিহালীৰ সচেতন মহলে ।

অসম-অৰুণাচল সীমান্তত পথ নিৰ্মাণক লৈ সংঘাত
জামুগুৰিহাটত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in