নামৰূপৰ বিভিন্ন স্থানত স্বচ্ছতা অভিযান

নামৰূপৰ বিভিন্ন স্থানত স্বচ্ছতা অভিযান
Published on
Updated on

ডিজিটেল সংবাদ,নামৰূপ : গান্ধী জয়ন্তীৰ প্ৰাকমুহূৰ্তত দেওবাৰে সন্ধিয়া নামৰূপৰ বিভিন্ন স্থানত স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। নামৰূপস্থিত বি ভি এফ চি এল কৰ্তৃপক্ষ,চি আই এছ এফ আৰু সাধাৰণ ৰাইজৰ সহযোগত নামৰূপৰ বিভিন্ন স্থানত চাফাই অভিযান ৰূপায়ণ কৰে। 

এক ঘণ্টীয়া এই কাৰ্য্যসূচী তথা একগোট হৈ ৰূপায়ণ কৰা চাফাই অভিযানত বিভিএফচিএলৰ ড০ শিৱ প্ৰসাদ মহান্তি,সুভাষ চন্দ্ৰ দাসৰ লগতে আন আন বিষয়া- কৰ্মচাৰী আৰু নাগামাটি খেৰমীয়া গাঁৱৰ ৰাইজ উপস্থিত থাকে।   

এই স্বচ্ছ অভিযানত ঘাঁহ কাটি ঝাড়ু মাৰি সকলোৱে শ্ৰমদান কৰে। পৰিবেশটো পৰিষ্কাৰ আৰু সজীৱ কৰি তোলাৰ পিছতে সুস্থ, সেউজীয়া পৰিবেশ গঢ়ি তুলিবলৈ  দায়বদ্ধতাৰ প্ৰতীক স্বৰূপে  নিম গছপুলি ৰোপণ কৰে।

ইফালে চি আই এছ এফৰ জোৱানসকলে ৰাইজৰ সহযোগত নামৰূপ ষ্টেট বেংকৰ সমীপৰ বিস্তৃত এলেকাত চাফাই অভিযান ৰূপায়ন কৰে। এই কায্যসূচীত বি ভি এফ চি এলৰ চি এম ডি ডঃ মহান্তিৰ উপস্থিতিত চি আই এছ এফ ৰ এচিষ্টেণ্ট কামাণ্ডেণ্ট আতিশ কুমাৰ,ইন্সপেক্টৰ দীনেশ কুমাৰ উপস্থিত থাকে।

সামৰণিত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।  সভাত বক্তাসকলে উক্ত কাৰ্যসূচী অৰ্থাৎ  সামূহিক প্ৰচেষ্টাৰ তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰে। লগতে সকলোৰে বাবে এটা পৰিষ্কাৰ, সেউজীয়া ভৱিষ্যতৰ পৰিবেশ সৃষ্টিৰ বাবে আহ্বান জনায়।

নামৰূপৰ বিভিন্ন স্থানত স্বচ্ছতা অভিযান
বৰঙাবাৰীৰ পৰা চুৰি হোৱা বাহন ডিমাপুৰ সীমান্তত উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in