পথত থকা গাঁত বন্ধ নকৰিলে SPয়ে ল'ব এক্সন, মকুলি হ'ব হেল্পলাইন নম্বৰ: মুখ্যমন্ত্ৰী

পথত থকা গাঁত বন্ধ নকৰিলে SPয়ে ল'ব এক্সন, মকুলি হ'ব হেল্পলাইন নম্বৰ: মুখ্যমন্ত্ৰী

author-image
Asomiya Pratidin
New Update
পথত থকা গাঁত বন্ধ নকৰিলে SPয়ে ল'ব এক্সন, মকুলি হ'ব হেল্পলাইন নম্বৰ: মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাজ্য়ত দুখন জিলাৰ পথত থকা উন্মুক্ত গাঁতৰ বাবে দুজনকৈ নাগৰিকৰ মৃত্যু হৈছে । যাৰ ফলত সৰ্বত্তে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই সন্দৰ্ভত দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেন্সযোগে প্ৰতিখন জিলাৰ উপাযুক্তৰ সৈতে এক বৈঠকত মিলিত হয় ।

আজিৰ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাৰ উপাযুক্তক নিৰ্দেশ প্ৰদান কৰিছে যে সোমবাৰৰ ভিতৰত ৰাজ্যৰ পথসমূহত থকা গাঁতসমূহ পুঁতি দিব লাগিব । অন্যথা গাঁতৰ কাষত বেৰিকেড দিয়াৰ ব্যৱস্থা কৰিব লাগিব । লগতে ৰঙা ফ্লেগ আৰিব লাগিব গাঁত থকা স্থানত ।পথৰ গাঁত উন্মুক্ত কৰা পৰিলক্ষিত হ'লে বিভাগৰ পৰিৱৰ্তে এইবাৰ এছ পিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে যে ৰাইজে যদিহে গাঁত দেখা পাই তেনেহ'লে নিৰ্ধাৰিত নম্বৰত জনাবলৈ পৰাকৈ নম্বৰ মুকলি কৰিব লাগে।

কামৰূপ (ম) আৰু ডিব্ৰুগড়ৰ দুয়োখন জিলাত সংঘটিত হৈছিল দুৰ্ঘটনা । আজি দুয়োখন জিলাৰ উপাযুক্তক জবাবদিহি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে," এইবোৰত মই জড়িত নহয় । এইবোৰ ঘটনাৰ ফলত জণসাধাৰণে আমাক বেয়া পায় ।"

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আপোনালোকে বৰষুণৰ পূৰ্বেই গাঁতৰ কাম সমাপ্ত কৰক ।" লগতে বৰষুণ নোহোৱা সময়ত দিনে-ৰাতিয়ে কাম কৰি কাম সমাপ্ত কৰক । পথত থকা নিৰ্মাণ সামগ্ৰী আতৰ কৰি পথ মুকলি কৰাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "ড্ৰেনৰ কাম চলি থাকিলে বেৰিকেট দিয়ক । যোৱাবাৰ তিনিখন বৈঠক পাতিছো । পথ দুৰ্ঘটনা ৰোধ কৰিব লাগে । পথ দুৰ্ঘটনাৰ স্পটসমূহ চিনাক্ত কৰিব লাগে । পুৰণা হটস্পট চিনাক্ত কৰাটো বাদ দিয়ক, আপোনালোকে নতুনকৈ হটস্পটৰ সৃষ্টিহে কৰিছে ।"

Also Read: ৰাজ্যৰ উপায়ুক্তৰে মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক...

road accident CM DC Meet