চাহ বাগিচা অঞ্চলৰ পৰা নতুন বিদ্যালয়ৰ বাবে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগৰ নিৰ্দেশ…

চাহ বাগিচা অঞ্চলৰ পৰা নতুন বিদ্যালয়ৰ বাবে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগৰ নিৰ্দেশ…

author-image
asomiyapratidin
New Update
চাহ বাগিচা অঞ্চলৰ পৰা নতুন বিদ্যালয়ৰ বাবে চতুৰ্থ বৰ্গৰ  কৰ্মচাৰী নিয়োগৰ নিৰ্দেশ…

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ দ্বাৰা চাহ বাগিচা অঞ্চলত নতুনকৈ স্থাপিত ৯৭ খন আদৰ্শ বিদ্যালয়ত শিক্ষাবৰ্ষৰ আনুষ্ঠানিক উদ্বোধনৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ ৰাজ্যৰ ১৭ খন জিলাৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এক বৈঠকত অংশ গ্ৰহণ কৰে।

চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী সকলক উন্নত শিক্ষা প্ৰদানৰ বাবে অসম চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। এই কথা উল্লেখ কৰিমুখ্যমন্ত্ৰীয়ে উপায়ুক্ত সকলক বিদ্যালয় সমূহত সকলো ধৰণৰ যাৱতীয় সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে।

নতুন শিক্ষানুষ্ঠান সমূহ কাৰ্যকৰী কৰাৰ বাবে উপায়ুক্ত আৰু বিদ্যালয় পৰিদৰ্শকে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। তাৰ পিছত উপায়ুক্ত সকলক সংশ্লিষ্ট চাহ বাগিচাৰ পৰা প্ৰতিখন বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে । চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলক এক দৰমহাৰ ভিত্তিত নিযুক্ত কৰা হ'ব।

তদুপৰি তেওঁ উপায়ুক্ত সকলক নামভৰ্তি প্ৰক্ৰিয়া আৰু অন্যান্য ব্যৱস্থাৰ তত্বাৱধানৰ বাবে বিদ্যালয়সমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে মে'ৰ প্ৰথম ভাগত আনুষ্ঠানিক উদ্বোধনৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰণ কৰিবলৈ কয়।

অন্য খবৰ পঢ়ক: ১০১৯.৪৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ পৰিবহন বিভাগৰ…

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যিক শিক্ষা বিভাগে শীঘ্ৰেই বিদ্যালয় ব্যৱস্থাপনা আৰু উন্নয়ন সমিতি (এছএমডিচি) গঠনৰ বাবে নিৰ্দেশনা জাৰি কৰিব আৰু নিৰ্দেশনা অনুসৰণ কৰি উপায়ুক্তই বিদ্যালয়সমূহৰ পৰিচালনা কৰিবলৈ সমিতি গঠন কৰিব লাগিব।

এই বৈঠকৰ মাজতে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলত আন ১০০ খন মডেল বিদ্যালয় স্থাপন কৰিব যাতে চাৰিখন চাহ বাগিচাক সামৰি কমেও এখন বিদ্যালয় থাকে।

এই বৈঠকত শিক্ষা মন্ত্ৰী ৰানোজ পেগু, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু এমডি এছএছএ ৰোশনি এ কোৰাটি উপস্থিত থাকে।

আৰু পঢ়ক: হাফিজ চাইদক কাৰাদণ্ড; মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড…

assam himanta biswa sarma ronoj pegu tea garden