কেবিনেট বৈঠক: ফেব্ৰুৱাৰীত ঘোষণা হ’ব ADREৰ ফলাফল...

কেবিনেট বৈঠক: ফেব্ৰুৱাৰীত ঘোষণা হ’ব ADREৰ ফলাফল...

author-image
Asomiya Pratidin
New Update
কেবিনেট বৈঠক: ফেব্ৰুৱাৰীত ঘোষণা হ’ব ADREৰ ফলাফল...

ডিজিটেল সংবাদ,গুৱাহাটীঃ জনতা ভৱনত দেওবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ উন্নয়নৰ দিশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰে।

সংবাদমেলৰ জৰিয়তে কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

  • ১০ মে’ত হ’ব ADREৰ নিযুক্তি। ফেব্ৰুৱাৰীত ঘোষণা হ’ব ADREৰ ফলাফল। নতুন আৰু ১৫ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিয়া হ’ব। ডঃ হিমন্ত বিশ্ব শর্মাৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ দিনাই নিযুক্তি প্ৰদান কৰিব ৩৫ হাজাৰ প্ৰাৰ্থীক।

  • ৩% মৰগীয়া বানচ বৃদ্ধি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ। মুঠ ৫৩% লৈ বৃদ্ধি পালে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ। দীপাৱলীৰ বাবে কাইলৈ হ’ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা। ডিচেম্বৰৰ দৰমহাৰ লগত বৰ্ধিত DA লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে। জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব এই DA বৃদ্ধি।

  • জীৱন্ত ৰাস অনুষ্ঠিত কৰা অনুষ্ঠানলৈ ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান দিব ৰাজ্য চৰকাৰে। প্রায় ১৯০০ খন জীৱন্ত ৰাসে পাব ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান। ৰাসৰ ক্ষেত্রত প্রশাসনীয় অনুমতিৰ মাচুল প্রত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ। ইয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে জিলা প্রশাসনক।

  • অবৈধ বাংলাদেশীৰ অনুপ্রৱেশক লৈ মুখ্যমন্ত্রীয়ে কয় যে, বিগত মাহত ভাৰত-বাংলাদেশ সীমাত ১৩৮ টা অনুপ্রৱেশৰ ঘটনা ঘটিছে। আটক কৰা বাংলাদেশীসকলক উভতাই পঠিওৱা বুলি কেবিনেটক জনাই মুখ্যমন্ত্ৰীয়ে।

  • মৈত্রী আঁচনিৰ বাবে ১৫০ কোটি টকাৰ অনুমোদন ঘোষণা ৰাজ্য চৰকাৰৰ।  ৰিলায়েঞ্চৰ সৈতে MoU কৰিব ৰাজ্য চৰকাৰে। গ্ৰীণ অইল, গ্ৰীণ এনাৰ্জীৰ বাবে ৰিলায়েঞ্চৰে কৰিব বুজাবুজি চুক্তি।

  • ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত অনুষ্ঠিত হ’ব ভাষা গৌৰৱ সপ্তাহ। অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ বাবে আয়োজন হ’ব ভাষা গৌৰৱ সপ্তাহ। 

  • সংবাদমেলত ধনুৰ্বিদ জয়ন্ত তালুকদাৰক DSP পদ প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।

Also Read: যমুনাত গা ধুই বেমাৰত পৰিল বিজেপিৰ ৰাজ্যিক সভাপতি...

cm himanta biswa sarma HIMANTA BISWA SARMA CABINET 2024