-
আয়তকৈ অধিক সম্পত্তিৰ গোচৰত অভিযুক্ত অসম আৰক্ষীৰ প্ৰাক্তন ASI সন্তোস চৌধুৰীৰ উত্তৰ গুৱাহাটীৰ ঘৰত চিএম ভিজিলেঞ্চৰ অভিযান ৷
-
চৌধুৰীৰ ঘৰ,সম্পত্তিৰ মূল্যায়ন কৰাৰ বাবে চিএম ভিজিলেঞ্চে এই অভিযান চলাইছে ৷
-
২০২২ চনত অসম আৰক্ষীৰ পৰা বখাস্ত হৈছিল সন্তোস চৌধুৰী ৷
-
আয়তকৈ প্ৰায় ২০০ শতাংশ অধিক সম্পত্তিৰ তথ্য চিএম ভিজিলেঞ্চৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছিল।
-
চৌধুৰীয়ে দুৰ্নীতি নিবাৰক শাখাত কৰ্তব্যৰত অৱস্থাত বহু বিষয়াক ব্লেকমেইলিং কৰি ধন সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন হৈছিল ৷
-
অসমৰ লগতে বিহাৰতো সম্পত্তিৰ তথ্য পাইছে চিএম ভিজিলেঞ্চে ৷
Also Read: কংগ্ৰেছৰ দিনত অসম দিল্লীৰ পৰা বহুদূৰ আছিল...