ডিজিটেল সংবাদ, চিৰাং: চিদলী-চিৰাং শিক্ষা খণ্ডৰ অন্তৰ্গত নেহেৰু হিন্দী সমলকেন্দ্ৰৰ সামূহিক উৎসৱ। বুধবাৰে দিনজোৰা কাৰ্য্যসূচীৰে ২৪৮ নং বাসুগাঁও টাউন জেবি স্কুল চৌহদত অনুষ্ঠিত হয় সমূহীয়া উৎসৱ । পুৱা বৃক্ষৰোপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া বিজয় কুমাৰ বৈষ্ণৱে।
পৰৱৰ্তী সময়ত উৎসৱৰ লগত সংগতি ৰাখি স্কুল প্ৰাংগণৰ পৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । নেহেৰু সমলকেন্দ্ৰৰ অন্তৰ্গত ১৩ খন বিদ্যালয়ৰ পৰা অহা প্ৰায় ২৫০ কণ কণ ছাত্ৰ ছাত্ৰীয়ে ভিন্নতাৰ মাজত ঐক্যতা শীৰ্ষক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বাসুগাঁৱৰ পৌৰপতি সাধন চন্দ্ৰ মণ্ডলে ।
সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত ছাত্ৰ ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি, নৃত্য-গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ পৰবৰ্তী সময়ত মুকলি সভাৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত বটাঁ বিতৰণ কৰা হয়। সামূহিক উৎসৱৰ অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
আৰু পঢ়ক: অংকীয়া ভাওনাৰ স্বকীয়তা আৰু ঐতিহ্যক চৰ্চা আৰু অনুশীলনৰ এক মঞ্চ সৃষ্টি কৰাৰ প্ৰয়াস...