ডিজিটেল সংবাদ : অসম অৰুণাচলৰ সীমান্তত সীমা সমস্যা সমাধানৰ বাবে অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰে গঠন কৰি দিয়া কমিটিৰ আজি এক গুৰুত্বপূৰ্ণ বৈঠক NHPC ত অনুষ্ঠিত হয় ৷ এই গুৰুত্বপূৰ্ণ বৈঠকত দুয়োখন চৰকাৰৰ কমিটিয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পূৰ্বে দুয়োখন চৰকাৰৰ কমিটিয়ে যুটীয়া ভাবে সীমান্তৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ বিবাদমান এলেকা পৰিদৰ্শন কৰে । ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ এগৰাকী আই এ এছ বিষয়াৰ নেতৃত্বত অসমৰ মন্ত্ৰী সঞ্জয় কিষাণ আৰু অৰুণাচলৰ কৃষি মন্ত্ৰী টাগে টাকিৰ নেতৃত্বত দুয়োখন সীমান্তৰ বিবদমান এলেকাত ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত অৰুণাচলী লোক সকলে নিশাটোৰ ভিতৰতে অসমৰ কেইবা কিঃমিঃ আগুৱাই আহি ৱেল কাম গেট স্থাপন কৰে । অৰুণাচলৰ দলটোৱে অসমৰ দলটোক ৰাজগড় আলিলৈকে অৰুণাচলৰ বুলি পতিয়ন নিয়াবলৈ যত্ন কৰে ৷ লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এই কথাত ঘোৰ আপত্তি কৰে ৷ পিছত দুয়োটা দলে যুটীয়া ভাৱে এয়াৰ ফৰ্চৰ বম্বিং ৰেঞ্জ পৰিদৰ্শন কৰি এয়াৰ ফৰ্চৰ লগত বৈঠকত মিলিত হয় ৷
উল্লেখযোগ্য যে দুলুং সংৰক্ষিত বনাঞ্চলৰ মাটি কালি ৯৯০০ হেক্টৰ আছিল ৷ বেদখলৰ ফলত ৪৫০০ হেক্টৰলৈ হ্ৰাস হৈছে ৷ বনাঞ্চল খন দখল কৰি অৰুণাচলে কামলে নামৰ নতুন জিলা এখন ২০১৭ চনত গঠন কৰে। য'ত জনসংখ্যা কেৱল ৩০০০ জন ৷ এই যুটীয়া কমিটিয়ে পৃথকে উভয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব ৷ আজিৰ বৈঠকতেই সীমা সমস্যা সমাধানৰ ৰেহৰূপ তৈয়াৰ হ'ব।
আৰু পঢ়ক : নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ…