ডিজিটেল সংবাদ,বিহালীঃ দেওবাৰে বিহালী সমষ্টিত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰা। বিহালীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ বিহালীৰ বটিয়ামাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই ভূপেন বৰায়। বিহালীত উপস্থিত হৈ প্ৰদেশ সভাপতি ভূপেন বৰাই ভাষণৰ আৰম্ভণীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকা উত্তোলন কৰিবলৈ গৈ কয় যে, গহপুৰত কনকলতা আৰু মুকুন্দ কাকতিৰ বুকুত গুলী লাগিছিল আৰু ৰামপতি ৰাজখোৱাই সেই পতাকা মাটিত পৰিবলৈ নিদি গহপুৰ থানাত উত্তোলন কৰিছিল।
সেই পতাকা খনৰ মৰ্যদা বুজাই যঁতৰ খোদিত এখন পতাকা ৰাজহুৱা নিৰ্বাচনী সভাতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক উপহাৰ হিচাপে প্ৰদান কৰি চিৰজীৱনৰ বাবে ঘৰত উৰুৱাই থবলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ সভাপতি ভূপেন বৰাই বিজেপি দলক সমালোচনা কৰি কয় যে, হাতী যেতিয়া মাতাল হয়,মাউতৰ কথা নুশুনি মানুহৰ ঘৰৰ জেউৰা ভাঙে কলগছ উভালে, তেতিয়া মাউটে হাতীটোক নিয়ন্ত্ৰণৰ বাবে অংকুশ দি খুছি দিয়ে। বৰ্তমান সময়ত বিজেপি চৰকাৰো মাতাল হৈছে। যাৰ বাবে বিজেপি দল চৰকাৰে অসম চুক্তিক হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰে৷
সভাপতি ভূপেন বৰাই কয় যে, মই অসমৰ ৰাইজক শুই থকা সিংহ বুলি ভাবো। মই অসমৰ ইপাৰৰ পৰা সিপাৰে শুই থকা সিংহক জাগ্ৰত হ' বলৈ অনুৰোধ জনালো। সভাপতি ভূপেন বৰাই ভাষণ প্ৰসংগত বিজেপি দলক সমালোচনা কৰি কয় যে বিজেপিক যদি ভোট নিদিয়ে হিমন্তই কয় হিন্দু খাতৰে মে হেই। হিন্দু মুছলিম ভাগ কৰা দলটোয়েই হৈছে বিজেপি। শংকৰদেৱে সকলোকে একগোট কৰিছিল, কিন্তু বিজেপি আৰু আৰ এচ এচে ভাগ ভাগ কয় হিন্দু খাটৰে মে হে বুলি কয়।মাইণ্ড গেম খেলি আছে বিজেপিয়ে৷
সভাত ভূপেন বৰাই ঘোষণা কৰে,যদি ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হয় তেন্তে ন লখিমী নামৰে ৩ হেজাৰকৈ টকা প্ৰতি মাহৰ ৯ তাৰিখে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাই যাব ৷ লগতে মাহে ২০০ ইউনিট বিদ্যুত বিনামূলীয়াকে দিয়াৰ লগতে প্ৰতিটো গেছ চিলিণ্ডাৰৰ মূল্য ৫০০ টকা কৰিব।