''২০২৬ ত গঢ়িম অহংকাৰ মুক্ত, প্ৰগতিশীল অসম''- গৌৰৱ গগৈ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ প্ৰতিক্ৰিয়া
''২০২৬ ত গঢ়িম অহংকাৰ মুক্ত, প্ৰগতিশীল অসম''- গৌৰৱ গগৈ
''২০২৬ ত গঢ়িম অহংকাৰ মুক্ত, প্ৰগতিশীল অসম''- গৌৰৱ গগৈ
Published on
Updated on

ডিজিটেল ডেস্কঃ ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ পাছত অসম অহংকাৰ মুক্ত হ'ব। ২০২৬ ৰ নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে জনতাৰ আশাক বাস্তৱায়িত কৰি এখন প্ৰগতিশীল অসম গঢ়ি তোলা হ'ব। বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ বিৰুদ্ধে গঠন কৰা হ'ব এছ আই টি।

আজি সাংবাদিকৰে হোৱা সাক্ষাতৰ সময়ত এই মন্তব্য কৰিছে যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিঞা বিৰোধী স্থিতি গ্ৰহণ কৰি প্ৰায় প্ৰতি মুহূৰ্ততে মিঞাৰ বিৰুদ্ধে বিভিন্ন কথা কৈ অহাৰ সন্দৰ্ভত আজি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে গৌৰৱ গগৈয়ে।

তেওঁ সাংবাদিকৰ আগত কয়, ''আমাৰ এটাই লক্ষ্য অহা বিধানসভা নিৰ্বাচনত অহংকাৰ মুক্ত অসম ৰাইজক দিবলৈ বিচাৰিম। অসমৰ মানুহ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন। তেওঁলোকে গম পাইছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাত্ৰ নিজৰ গাডী বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে।''

তেওঁ পুনৰ কয়, ''অসমৰ মানুহে যোৱা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ বহু অপপ্ৰচাৰ শুনিলে। সমগ্ৰ ভাৰতত মোডী ডাঙৰীয়াই মংগল সূত্ৰ আৰু কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ বহু অপপ্ৰচাৰ কৰিলে। কিন্তু ভাৰতৰ জনসাধাৰণে, অসমৰ জনসাধাৰণে সকলো বুজি পায়।''

সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ''মুখ্যমন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ মানুহ বিভাজিত নহয়, অসমৰ মানুহ একত্ৰিত। অসমৰ মানুহ ৰাজনৈতিকভাৱে সচেতন। অসমৰ বাস্তৱ সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছ দলে কাম কৰি যাব।''

অসমৰ ৰাইজে সাম্প্ৰদায়িক কথা-বতাৰৰ পৰিবৰ্তে বাস্তৱিক সমস্যাৰ সন্দৰ্ভত সচেতন বুলি কৈ সাংসদ গগৈয়ে পুনৰ কয়, ''অসমৰ মুখ্যমন্ত্ৰীয়ে যিধৰণে কথাবোৰ কৈ আছে অসমৰ মানুহে সেইদৰে লোৱা নাই। অসমৰ মানুহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মাত মাতিছে। অসমীয়া যুৱকসকলে সংস্থাপন বিচাৰিছে। অসমৰ ল'ৰা-ছোৱালীয়ে ভাল শিক্ষানুষ্ঠান বিচাৰিছে। মুখ্যমন্ত্ৰীৰ এই একেখিনি কথা আৰু কিমান শুনি থাকিব? বিজেপিৰ একেখিনি পুৰণি কথা, একো নতুন কথা কোৱা নাই। ২০১৪ ৰ পৰা ১০ বছৰত এনেধৰণৰ কথাই বিজেপিক যথেষ্ট লাভাম্বিত কৰিলে। আৰু লাভম্বিত নকৰে। অসমৰ মানুহে সকলো বুজি পাইছে। আমি অসমৰ মানুহৰ আশা বাস্তৱত পূৰণ কৰিম। অহা বিধানসভাত এখন নতুন প্ৰগতিশীল অসম গঢ়িম।''

ইয়াৰ পূৰ্বে কংগ্ৰছ সভাপতি ভূপেন বৰাই ২০২৬ ত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ বিৰুদ্ধে এছ আই টি গঠন কৰাৰ কথা ঘোষাণা কৰিছিল।

আজি গৌৰৱ গগৈয়ে সেই কথা সোঁৱৰাই কয়, ''প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই কৈ আহিছে আমাৰ চৰকাৰ আহিলে এছ আই টি গঠন কৰা হ'ব। এই এছ আই টিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ ওপৰত তদন্ত কৰিব। মই ভাবোঁ অলপ সেইধৰণৰ কথাৰ পৰাও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে। মাত্ৰ নিজৰ গাডী ৰক্ষা কৰিবলৈয়ে নহয়, ভৱিষ্যতৰ এছ আই টিৰ পৰা নিজকে ৰক্ষা কৰিবলৈয়ো তেওঁ আমাৰ মাজত সংঘাতৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছে।

''২০২৬ ত গঢ়িম অহংকাৰ মুক্ত, প্ৰগতিশীল অসম''- গৌৰৱ গগৈ
এটা চৰে লগাইছে অথন্তৰঃ ৰাইজে তৰিলে গোচৰ, আৰক্ষী আয়ুক্তৰ নিৰ্দেশ তদন্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in