৪ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা

পিতৃ ৰকিবুল হুছেইনৰ অনিচ্ছা সত্বেও চামগুৰিৰ পৰা দলে প্ৰাৰ্থীত্ব দিলে টানজিল হুছেইনক

author-image
Asomiya Pratidin
New Update
৪ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ। আজি AICC য়ে ঘোষণা কৰিছে আগন্তুক বিধানসভা উপ নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। বিহালী সমষ্টি ইতিমধ্যে সন্মিলিত বিৰোধী মঞ্চক এৰি দিব বুলি APCC য়ে ঘোষণা কৰাৰ বিপৰীতে আন ৪টা সমষ্টিত কংগ্ৰেছে চূড়ান্ত কৰিলে প্ৰাৰ্থীৰ নাম।

ধলাই সমষ্টিৰ পৰা দলে প্ৰাৰ্থীত্ব প্ৰদান ধ্ৰুবজ্যোতি পুৰকায়স্থক। ছিদলী সমষ্টিৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰ্লে,বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী হব ব্ৰজেনজিৎ সিনহা। সমান্তৰালকৈ চামগুৰিৰ পৰা পিতৃ ৰকিবুল হুছেইনৰ অনিচ্ছা সত্বেও দলে প্ৰাৰ্থীত্ব দিয়ে টানজিল হুছেইনক।

  User
User

উল্লেখ্য যে, ১৩ নবেম্বৰত দেশৰ ১৫ খন ৰাজ্যৰ ৪৮ টা বিধানসভা সমষ্টি আৰু দুটা লোকসভা সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ। ইয়াৰ উপৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডতো ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । আনহাতে, ভোটগণনা হ'ব ২৩ নৱেম্বৰত।

congress