সমষ্টি পুনৰ নিৰ্ধাৰণৰ আঁৰত আছে গভীৰ ষড়যন্ত্ৰ ! ভূপেন বৰাৰ সংবাদমেল...
ডিজিটেল ডেস্কঃ নিজৰ স্থিতিত অটল কংগ্ৰেছ। অংশগ্ৰহণ নকৰে সমষ্টি নিৰ্ধাৰণ সন্দৰ্ভত অনুষ্ঠিত বৈঠকত। তাৰ বিপৰীতে নিৰ্বাচন আয়োগৰ কংগ্ৰেছলৈ আহ্বান অংশগ্ৰহণ কৰক এই বৈঠকত।
উল্লেখ্য যে, সমষ্টি নিৰ্ধাৰণৰ সন্দৰ্ভত আলোচনাৰ বাবে নিৰ্বাচন আয়োগে ৰাজ্যৰ ১১ টা ৰাজনৈতিক দলৰ সৈতে বৈঠক আহ্বান কৰিছিল। কিন্তু এই বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় অসম প্ৰদেশ কংগ্ৰেছে।
এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰি কয়, যোৱা ৪ জানুৱাৰীত কংগ্ৰেছৰ সাংসদ, বিধায়কসকলৰ এটা দলে দেশৰ নিৰ্বাচন আয়োগক নতুন দিল্লীত সাক্ষাৎ কৰি সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত স্মাৰকপত্ৰ দিছিল ৷
আয়োগে ইয়াৰ লিখিত উত্তৰ দিম বুলি কৈছিল যদিও কোনো উত্তৰ নিদিলে। ইয়াৰ পিছত আয়োগক পুনৰ সেই প্ৰশ্নৰ উত্তৰ বিচাৰি ৪ ফেব্ৰুুৱাৰীত পত্ৰ প্ৰেৰণ কৰে যদিও সেই পত্ৰৰ কোনো উত্তৰ নিদিলে।
সেয়ে কংগ্ৰেছে আয়োগে আহ্বান কৰা বৈঠকত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছে। কংগ্ৰেছে ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰৰ গোন্ধ পাইছে। কেৱল সেয়াই নহয়, বিজেপি, অগপই শুদ্ধ এন আৰ চি অবিহনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছিল বুলিও উল্লেখ কৰে।
এই সংবাদ মেলত ভূপেন বৰাৰ উপৰিও বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, জ্যেষ্ঠ নেতা ৰাণা গোস্বামী উপস্থিত আছিল। ইফালে আজি আয়োগে ৰাজ্যৰ আন ১০ টা ৰাজনৈতিক দলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰিও ৭৬ টা অন্যান্য নাগৰিক সমাজ সংগঠন, জনপ্ৰতিনিধি আৰু অস্বীকৃত ৰাজনৈতিক দলক সাক্ষাৎ কৰে।
কংগ্ৰেছে এই বৈঠকত অংশগ্ৰহণ নকৰাৰ সন্দৰ্ভত আয়োগে কয়, ইতিমধ্যে ৪ জানুৱাৰীতে নতুন দিল্লীত নিৰ্বাচন আয়োগে সকলোতকৈ আগত কংগ্ৰেছক সময় দিছিল। কংগ্ৰেছে পুনৰ ২২ মাৰ্চত আয়োগৰ পৰা এখন বৈঠকৰ বাবে সময় বিচাৰিছিল।
যিহেতু নিৰ্বাচন আয়োগে মাত্ৰ কেইদিনমানৰ পাছতে অসম ভ্ৰমণ কৰাৰ কথা আছিল সেয়ে কংগ্ৰেছক গুৱাহাটীত ২৭ মাৰ্চত সাক্ষাৎ কৰাৰ কথা প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে কংগ্ৰেছক সমষ্টি পুনৰ সীমা নিৰ্ধাৰণৰ পৰামৰ্শ প্ৰক্ৰিয়াত চামিল হ'বৰ বাবে কংগ্ৰেছলৈ পুনৰ আহ্বান জনাইছে। আয়োগে কংগ্ৰেছক ২৮ মাৰ্চ মঙ্গলবাৰে সাক্ষাৎৰ বাবে আমন্ত্ৰণ জনাইছে।