১৯ অক্টোবৰত ঘোষণা হোৱাৰ সম্ভাৱনা কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা...

১৯ অক্টোবৰত ঘোষণা হোৱাৰ সম্ভাৱনা কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা...
Published on
Updated on

ডিজিটেল ডেস্কঃ ১৩ নবেম্বৰত ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন। বিজেপিয়ে বিহালী, ধলাই আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে মিত্রদল অগপক বঙাইগাঁও আৰু ইউ পি পি এলক চিদলী সমষ্টি এৰি দিছে। মুঠতে আগন্তুক উপ-নির্বাচনৰ বাবে ৰণকৌশলেৰে সাজু হৈছে শাসকীয় দল।

এই ক্ষেত্ৰত বিৰোধীয়ে এই পৰ্যন্ত সম্ভাব্য প্ৰাৰ্থীৰ নাম স্পষ্ট কৰা নাই যদিও বুধবাৰে উপ-নিৰ্বাচন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, "উপ-নিৰ্বাচনক লৈ আমাৰ ৫খন কমিটীয়ে ইতিমধ্যে তেওঁলোকৰ প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছে। ১৮ অক্টোবৰত দিনৰ ১২ বজাৰ পৰা ৰাজীৱ ভৱনত আমাৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই কাৰ্যসূচীত উপস্থিত থাকিব জিতেন্দ্ৰ সিং।পাছবেলা 'অসম সন্মিলিত মৰ্চা'ৰ সৈতে আলোচনাত বহিব জিতেন্দ্ৰ সিং। ১৯ অক্টোবৰত আমি প্ৰাৰ্থী ঘোষণা কৰিব পাৰিম বুলি আশা কৰিছো।"

যি সময়ত পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি পাইছে,সেই সময়তে দলটোৰ পৰা এইসকল নেতাৰ নাম উপ নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে উচ্চাৰিত হৈছে।

বঙাইগাঁও বিধানসভা সমষ্টিত অসম সন্মিলিত মৰ্চাৰ উমৈহতীয়া প্রার্থী হিচাপে কংগ্ৰেছে প্রাক্তন আৰক্ষী বিষয়া তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা ব্রজেনজিৎ সিনহাক প্রার্থিত্ব প্রদান কৰাৰ সম্ভাৱনা আছে । ইফালে চামগুৰিত সাংসদ ৰকিবুল হুছেইনৰ পুত্র তানজিল হুছেইনক প্রতিদ্বন্দ্বিতাত নমোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

বি টি আৰৰ অন্তৰ্গত চিদলী সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্রবীণ বড়োৰ। সমান্তৰালকৈ বৰাক উপত্যকাৰ ধলাই বিধানসভা সমষ্টিত অসম সন্মিলিত মৰ্চাৰ তৰফৰ পৰা কংগ্ৰেছে ধ্ৰুৱজ্যোতি পুৰকায়স্থক প্রার্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে।

উল্লেখ কৰা প্ৰয়োজন, বিহালী সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে কংগ্ৰেছৰ প্ৰেমলাল গুঞ্জু, দিলীপ বৰুৱা, বৰ্ণালী ফুকন আদিৰ লগতে জয়ন্ত বৰাৰ নামো উচ্চাৰিত হৈছে।

১৯ অক্টোবৰত ঘোষণা হোৱাৰ সম্ভাৱনা কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা...
আজি কাতি বিহু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in