বৰাক, বৰপেটা, নগাওঁ আৰু উজনিত কমিব সমষ্টিৰ সংখ্যাঃ চাওঁক সবিশেষ...

বৰাক, বৰপেটা, নগাওঁ আৰু উজনিত কমিব সমষ্টিৰ সংখ্যাঃ চাওঁক সবিশেষ...

author-image
Asomiya Pratidin
New Update
বৰাক, বৰপেটা, নগাওঁ আৰু উজনিত কমিব সমষ্টিৰ সংখ্যাঃ চাওঁক সবিশেষ...

বৰাক, বৰপেটা, নগাওঁ আৰু উজনিত কমিব সমষ্টিৰ সংখ্যাঃ চাওঁক সবিশেষ...

ডিজিটেল ডেস্কঃ ২০ জুন ২০২৩, মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা। ২০০১ চনৰ লোক পিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি খচৰা প্ৰকাশ পাইছে তাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শাসকীয় পক্ষই এই সিদ্ধান্তক আদৰণি জনাইছে যদিও বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰিছে। বিৰোধীৰ দাবী ২০০১ ৰ লোকপিয়লৰ আধাৰত নহয় শেহতীয়া লোকপিয়লৰ আধাৰত হওক সমষ্টি পুনৰ নিৰ্ধাৰণ।

ইফালে ২০২৬ ত সমগ্ৰ দেশতে যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব সেয়ে তাৰ মাত্ৰ কিছু সময়ৰ পূৰ্বে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ আঁৰত গভীৰ ষড়যন্ত্ৰও বিচাৰি পাইছে বহুতেই। সেয়া যিয়েই নহকও সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা অনুসৰি অসমত লোকসভা আৰু বিধানসভাৰ সমষ্টিৰ সংখ্যাৰ কোনো সালসলনি নহয় যদিও সমষ্টিৰ সীমাৰ সালসলনি হোৱাৰ লগতে কেইবাটাও বিধানসভা সমষ্টি লোপ পাব।

একেদৰে লোকসভা সমষ্টিৰ ক্ষেত্ৰতো একেই হ’ব। জিলা অনুসৰি সমষ্টিৰ সংখ্যা হ্ৰাস বা বৃদ্ধি হ’ব। মুঠ ১২ টা লোকসভা সমষ্টিৰ ভিতৰত তেজপুৰ লোকসভা সমষ্টিৰ পুনৰ নামাকৰণ কৰি শোণিতপুৰ কৰা হৈছে।

একেদৰে কলিয়াবৰ সমষ্টি বিলুপ্ত কৰি কাজিৰঙা নামেৰে এটা নতুন লোকসভা সমষ্টি গঠন কৰা হৈছে। উল্লেখ্য কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ লোকসভাৰ মজিয়াত বিৰোধী উপ-দলপতি হিচাপে দায়িত্ব পালন কৰি আছে। মঙলদৈ লোকসভা সমষ্টিক দৰং হিচাপে নামাকৰণ কৰা হৈছে।

ইফালে বিধানসভা সমষ্টিৰ ক্ষেত্ৰত বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ ৩ টা বিধানসভা সমষ্টিৰ পৰা এটা হ্ৰাস কৰি ২ টা সমষ্টি কৰা হৈছে। জিলাখনৰ পৰা বিলুপ্ত হ’ল কাটালিছেৰা বিধানসভা সমষ্টি। এই সমষ্টিটোত বৰ্তমানৰ বিধায়ক এ আই ইউ ডি এফৰ ছুজামুদ্দিন লস্কৰ।

একেদৰে কৰিমগঞ্জ জিলাৰ পৰাও বিলুপ্ত হ'ল পাথাৰকান্দি সমষ্টি। পূৰ্বৰ ৫ টা সমষ্টিৰ পৰা খচৰা অনুসৰি ৪ টা সমষ্টিলৈ হ্ৰাস পাব। পাথাৰকান্দি সমষ্টিৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ কৃষ্ণেন্দু পাল।

দক্ষিণ শালমৰা মানকাচৰ আৰু ধুবুৰীৰ দুয়োখন জিলা মিলাই পূৰ্বে মুঠ বিধানসভাৰ সমষ্টি আছিল ৭ টা। কিন্তু খচৰা অনুসৰি এই দুয়োখন জিলাৰ পৰা এটা সমষ্টি হ্ৰাস কৰা হৈছে।

ইফালে বৰপেটা জিলাত পূৰ্বে আছিল ৮ টা বিধানসভা সমষ্টি। নতুন খচৰাত বৰপেটা জিলাত ৬ টা সমষ্টি গঠন কৰা হৈছে। দৰং জিলাত বিধানসভা সমষ্টিৰ সংখ্যা আছিল ৪ টা। নতুন খচৰাত ইয়াৰ এটা সমষ্টি হ্ৰাস কৰা হৈছে।

ধিং সমষ্টি বিলুপ্ত কৰি নগাঁৱত সমষ্টিৰ সংখ্যা ৮ ৰ পৰা ৭ টা কৰা হৈছে। শিৱসাগৰ জিলাতো হ্ৰাস কৰা হৈছে এটা সমষ্টি। জিলাখনৰ পৰা বিলুপ্ত হৈছে আমগুৰি সমষ্টি। ফলত জিলাখনৰ সমষ্টিৰ সংখ্যা ৪ টাৰ পৰা ৩ টা হৈছে গৈ।

ডিব্ৰুগড়তো ১টা সমষ্টি বিলুপ্ত কৰা হৈছে। ফলত জিলাখনত সমষ্টিৰ সংখ্যা ৭ৰ পৰা ৬টালৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে গুৱাহাটীত বৃদ্ধি পালে এটা সমষ্টি। পূৰ্বৰ ৪ টা সমষ্টি আছিল যদিও নতুন খচৰা অনুসৰি এটা সমষ্টি বৃদ্ধি কৰা হৈছে। ফলত মুঠ সমষ্টিৰ সংখ্যা ৫ টালৈ বৃদ্ধি হৈছে।

অৱশ্যে পূৱ গুৱাহাটী আৰু পশ্চিমগুৱাহাটী সমষ্টি বিলুপ্ত কৰা হৈছে। গুৱাহাটীৰ নতুন সমষ্টি কেইটা হৈছে ক্ৰমে,  ডিমৰীয়া(SC), নিউ গুৱাহাটী, গুৱাহাটী চেন্ট্রেল। দিছপুৰ আৰু জালুকবাৰী অক্ষত অৱস্থাত আছে।

ইয়াৰ বিপৰীতে পশ্চিম কাৰ্বি আংলঙত বৃদ্ধি কৰা হৈছে এটা বিধানসভা সমষ্টি। ফলত জিলাখনৰ বিধানসভাৰ সমষ্টি ২ টালৈ বৃদ্ধি হৈছে। একেদৰে সমষ্টি বৃদ্ধি পাইছে বি টি আৰৰ এলেকাৰ জিলা কেইখনৰ সমষ্টিৰ সংখ্যা।

কোকৰাঝাৰতো পূৰ্বে আছিল মাত্ৰ ৩ টা সমষ্টি। নতুনকৈ ২ টা সমষ্টি বৃদ্ধি কৰাত ইয়াত বিধানসভাৰ সমষ্টিৰ সংখ্যা ৫ টালৈ বৃদ্ধি পালে। বাক্সাত বৃদ্ধি পাইছে এটা সমষ্টি। ফলত জিলাখনৰ বিধানসভাৰ সমষ্টি ৪ টালৈ বৃদ্ধি পাইছে। ওদালগুৰিত এটা সমষ্টি বৃদ্ধি হৈ মুঠ সমষ্টি ৩ টাৰ পৰা ৪ টা হৈছে।

লখিমপুৰ জিলাত বৃদ্ধি কৰা হৈছে ১টা সমষ্টি। জিলাখনত নতুনকৈ সৃষ্টি কৰা হৈছে ৰঙানদী সমষ্টি। ফলত জিলাখনৰ মুঠ সমষ্টিৰ সংখ্যা হৈছেগৈ ৫টা৷ চিচিবৰগাঁও নামেৰে এটা নতুন সমষ্টি সৃষ্টি কৰা হৈছে ধেমাজিত। ফলত জিলাখনত সমষ্টিৰ সংখ্যা ৩ টালৈ বৃদ্ধি হৈছে।

তিনিচুকীয়া জিলাত বৃদ্ধি পাইছে এটা সমষ্টি। ফলত মুঠ সমষ্টিৰ সংখ্যা হৈছেগৈ ৫ৰ পৰা ৬ টা। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত অসম বিধানসভাত ১২৬ টা সমষ্টিয়েই থাকিব যদিও প্ৰায়বোৰ সমষ্টিৰেই সীমাৰ সালসলনি হ'ব। কেইবাটাও নতুন সমষ্টিৰ পৰা প্ৰতিনিধিয়ে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ সুযোগ লাভ কৰিব।

ফলত অসম বিধানসভাৰ সমষ্টিৰ তালিকাখন হ’ব এনেধৰণৰ-  গোসাঁইগাঁও, দতমা(ST), কোকৰাঝাৰ(ST), বাওঁখুংগ্রী, পৰ্বতঝোৰা, গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ, বিলাসীপাৰা, দক্ষিণ শালমাৰা, জলেশ্বৰ, পশ্চিম গোৱালপাৰা(ST), পূব গোৱালপাৰা, দুধনৈ(ST), অভয়াপুৰী, মানিকপুৰ, বঙাইগাঁও, ছিদলি চিৰাং (ST), বিজনী, ভৱাণীপুৰ, মন্দিয়া, চেঙা, বৰপেটা (SC), ৰূপশ্রী, বজালী, চমৰীয়া, বকো(ST), পলাশবাৰী, হাজো (SC), ৰঙিয়া, কমলপুৰ, দিছপুৰ, ডিমৰীয়া(SC), নিউ গুৱাহাটী, গুৱাহাটী চেন্ট্রেল, জালুকবাৰী, বৰক্ষেত্রী, নলবাৰী, টিহু, গোৱৰ্ধনা, বাক্সা(ST), তামুলপুৰ(ST), গোৰেশ্বৰ, ভেৰগাঁও, ওদালগুৰি(ST), মাজবাট, টংলা, ছিপাঝাৰ, মঙলদৈ, দলগাঁও, জাগীৰোড(SC), লাহৰীঘাট, মৰিগাঁও, বটদ্রৱা, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি,বঢ়মপুৰ, নগাঁও, ৰহা(SC), বিন্নাকান্দি, হোজাই, লামডিং, ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী(SC), গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাওবৈচা(SC), লখিমপুৰ, ঢকুৱাখনা(ST), ধেমাজি(ST), চিচিবৰগাঁও, জোনাই(ST), শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা, ডিব্রুগড়, মৰাণ, দুলীয়াজান, টীংখং,নাহৰকটীয়া, সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলী (ST), টীয়ক, যোৰহাট, মৰিয়নি, তিতাবৰ, গোলাঘাট,দেৰগাঁও, বোকাখাত, খুমটাই, সৰুপথাৰ, বোকাজান(ST), হাওৰাঘাট(ST), ডিফু(ST), ৰংখা(ST), আম্রি(ST),ডিমা হাছাও(ST), লক্ষীপুৰ, ওদৰবন্দ, কাটিগড়া, বৰখলা, শিলচৰ, সোনাই, নাৰ্চিংপুৰ(SC), হাইলাকান্দি, আলগাপুৰ, বদৰপুৰ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, ৰাতাবাৰী (SC)।

Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ অধিকাৰ হ্ৰাস কৰিবঃ অস্তিত্বহীন হ'ব শিৱসাগৰ !

নিৰ্বাচন আয়োগ সমষ্টি পুনৰ নিৰ্ধাৰণ